NORTHEAST NOW (Assamese)

অন্ধবিশ্বাসৰ বাবেই বেজে চিকিৎসাৰ নামত ধুবুৰীত কণমানি শিশুৰ ওপৰত চলালে অমানুষিক অত্যাচাৰ

April 29, 2018 8:29 pm · এন ই নাও নিউজ

ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত সাতচিয়া গাঁৱত বেজালিৰ নামত এটি শিশুৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰ তথা নিৰ্যাতনে অঞ্চলটোৰ সচেতন মহলক ভবাই তুলিছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত সাতচিয়া গাঁৱত এটি মুকবধিৰ শিশুক গাঁওখনৰে ৱাহেদ আলি নামৰ এজন কবিৰাজে শিশুটিৰ গাত কালি গোসাঁনী লগা বুলি কয়।  ইয়াৰ পিছতে ভণ্ড কাবিৰাজটোৱে শিশুটিৰ ওপৰত এক অমানুষিক অত্যাচাৰ চলায়।

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰে। লগতে শিশুটিৰ দেউতাকে আৰক্ষী চকীত কাবিৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে শিশুটিৰ দেউতাকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বৰ্তমান মুখ্য মন্ত্ৰীৰ এডভাণ্টেইজ আছামৰ দিনত ৰাজ্যখনৰ জনসাধাৰণৰ মাজত এনেধৰণৰ অন্ধবিশ্বাস বৰ্তমানো থকাটো ৰাজ্যবাসীৰ বাবে উদ্বেগজনক। যাৰ ফলত আজি এটি অবোধ শিশুৱে ইয়াৰ ফল ভোগ কৰিব লগীয়া হৈছে।

গতিকে স্থানীয় সচেতম মহলে প্ৰশাসন তথা চৰকাৰক এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰি এনেধৰণৰ অন্ধবিশ্বাস জনসাধাৰণৰ মাজৰ পৰা দূৰ কৰিবলৈ আহ্বান জনাইছে।

Related News