বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আপৰাইজিং ইয়ুথচ্ অৱ হেল্প অৰ্গেনাইজেচন তথা বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজি বৰপেটাত এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
চাকৰি জীৱনত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দুগৰাকী কৰ্মচাৰীক অনুষ্ঠানটোৱে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায়।
বৰপেটা চহৰৰ ‘ৱালডেন ধাবা’ৰ সভাকক্ষত দিনৰ প্ৰায় ১২ বজাত অধ্যাপক বিৰিঞ্চি কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী তথা বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা খৰ্গধৰ দাস আৰু নৱাব আজিজুল আহমেদক গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
এই সভাতে ২০১৯ বৰ্ষত উদযাপন কৰিবলগা ১৬ সংখ্যক বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সন্দৰ্ভতো আলোচনা কৰা হয়। সমন্বয়, সংহতি আৰু সম্প্ৰীতিৰ প্ৰতীক হিচাপে বিবেচিত হৈ অহা তথা ১৯৯৬ বৰ্ষৰ পৰা পালন কৰি অহা বৰপেটা চাউলখোৱা মহোৎসৱৰ১৬ সংখ্যক মহোৎসৱখন সুচাৰুৰূপে পালন কৰাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক আব্দুছ ছামাদ আহমেদক উদযাপন সমিতিৰ সভাপতি হিচাপে বাচনি কৰা হয়।
মহোৎসৱখনৰ আৰম্ভণিৰ পৰাই সভাপতিৰ দায়িত্ব পালন কৰি অহা ৰিংকু আহমেদে আঁত ধৰা সভাখনত বিশিষ্ট চিকিৎসক ডাঃ ছৈয়দ আহমেদ জাদিদ, বিশিষ্ট শিক্ষয়িত্ৰী নঞ্জু দত্ত, সংগীত শিল্পী নীতিশ দাস, প্ৰমোথ ৰঞ্জণ দাস, কৰ্মচাৰী পৰিষদৰ আজাদ হুছেইন শ্বৰীফৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
সভাৰ আৰম্ভণিতে বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা নৱাব নজৰুল ইছলামৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰাৰ লগতে ইছলামৰ পৰিয়াল বৰ্গক এখন মানপত্ৰ প্ৰদান কৰে।