একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছু লোকে চলাই থকা অমানৱীয় তথা বৰ্বৰ কাণ্ড ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত অসম বিজ্ঞান সমিতিয়ে যোৱা ১৮ জুনৰ পৰা অন্ধবিশ্বাস- কুসংস্কাৰৰ বিৰুদ্ধে এলানি সজাগতামূলক অভিযান চলাই আছে।
ইয়াৰে অংশ হিচাপে শুকুৰবাৰে মাজুলী মহাবিদ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰে অসম বিজ্ঞান সমিতিয়ে। শতাধিক ছাত্র- ছাত্ৰী, অভিভাৱক আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াৰ সভাপতিত্বত সজাগতা সভাখন অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰসংগত ড০ শইকীয়াই কয় যে বাহ্যিক স্বচ্ছতাৰ লগতে আমি অন্তৰৰ স্বচ্ছতাতো সমানে গুৰুত্ব দিব লাগে।
আনহাতে ছাত্ৰ- ছাত্ৰীসকলক সৰুৰে পৰা বিজ্ঞানমনস্কতাৰে আগবাঢ়িবলৈ আহ্বান জনাই তেওঁ কয় যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ। অনুষ্ঠান উপস্থিত সকলোৱে শিক্ষাৰ্থীসকলক অন্ধবিশ্বাসৰ বিৰুদ্ধে সৰুৰে পৰাই যুঁজ দিবলৈ আহ্বান জনায়।
অসম বিজ্ঞান সমিতিৰ এনে প্ৰচেষ্টাৰ ফলত সত্ৰনগৰীৰ ৰাইজৰ মাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে যথেষ্ঠ সজাগতাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।





