অন্য ৰাজ্যৰ লগত নিমিলে অসমৰ পৰিস্থিতি : অকপট স্বীকাৰোক্তি যুটীয়া সংসদীয় সমিতিৰ

Rajendra_agarwal

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল : ফাইল ফটো

অসমৰ পৰিস্থিতি আন ৰাজ্যৰ তুলনাত পৃথক আৰু সেই গতিকে অধিক শুনানিৰ প্রয়োজন আছে বুলি উপলব্ধি কৰি যুটীয়া সংসদীয় সমিতি অসমলৈ পুনৰ শুনানিৰ বাবে অহাৰ কথা ব্যক্ত কৰিছে অধ্যক্ষ ৰাজেন্দ্র আগৰৱালাই। অসম চুক্তি, ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীতকৰণ আদি বিষয় আন ৰাজ্যত নথকাৰ কথা উল্লেখ কৰি অসমৰ সমস্যাবোৰ যে পৃথক সেই কথা স্বীকাৰ কৰিছে যুটীয়া সংসদীয় সমিতিয়ে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সর্ন্দভত যুটীয়া সংসদীয় সমিতিয়ে মতামত গ্রহণ কৰাৰ অন্তত বুজিব পাৰিছে যে দেশৰ আন ৰাজ্যতকৈ অসমৰ সমস্যাসমূহ পৃথক। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ প্ৰস্তাৱ ৰখা কেন্দ্রীয় চৰকাৰে উত্থাপন কৰিবলগীয়া বিধেয়ক সর্ন্দভত গুৱাহাটী আৰু শিলচৰত গ্রহণ কৰা শুনানিৰ অন্তত যুটীয়া সংসদীয় সমিতিয়ে অসমৰ পৰিস্থিতিৰ জটিলতাৰ কথা উপলব্ধি কৰিছে।

অসমত ১৯৭৯ চনৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত ৬ বছৰ ধৰি চলা আন্দোলনৰ অন্তত ১৯৮৫ চনত অসম চুক্তি সম্পাদন হৈছিল। চুবুৰীয়া দেশৰ পৰা ধর্মীয় কাৰণত ভাৰতলৈ প্ৰব্ৰজন কৰা লোকসকলক নাগৰিকত্ব প্রদান কৰিবলৈ সংসদে গৃহীত কৰিবলগীয়া বিধেয়ক সর্ন্দভত গুৱাহাটী আৰু শিলচৰত যুটীয়া সংসদীয় সমিতিয়ে মতামত গ্রহণ কৰাৰ অন্ততহে অসমৰ পৰিস্থিতি যে আন ৰাজ্যৰ লগত নিমিলে সেই কথা অনুধাৱন কৰিছে।

কেন্দ্রীয় আৰু ৰাজ্যৰ গৃহ বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকে এই কথা ব্যক্ত কৰিছে বুলি জানিব পৰা গৈছে। সেয়েহে যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটী আৰু শিলচৰত শুনানি আৰু স্মাৰক পত্ৰ গ্ৰহণ কৰিয়েই বিষয়টো সামৰিব বিচৰা নাই।

ৰাজ্যৰ গৃহ বিভাগৰ উচচ স্তৰীয় সূত্রৰ পৰা জানিব পৰা মতে, ইতিমধ্যে গৃহ বিভাগত বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে পোনপটীয়াকৈ বা অন লাইনযোগে জমা হোৱা হাজাৰ হাজাৰ স্মাৰক-পত্রবোৰ যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা  হ’ব। তদুপৰি ৰাজ্যখনৰ পৰিস্থিতিৰ গুৰুত্বলৈ লক্ষ্য কৰি সংসদীয় সমিতিৰ পৰামর্শ অনুসৰি বিধেয়কখনৰ সপক্ষে বা বিপক্ষে গৃহ বিভাগত পোনপটীয়াকৈ বা অন লাইনযোগে স্মাৰক-পত্র দিলে জমা লোৱা হ’ব বুলিও জানিব পৰা গৈছে।

গুৱাহাটীৰ পাছত শিলচৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সর্ন্দভত মতামত গ্রহণ কৰি বুধবাৰে বিয়লি যুটীয়া সংসদীয় সমিতিৰ দলটো গুৱাহাটীত উপস্থিত হয়হি। বিধেয়কখন সন্দৰ্ভত মতামত গ্রহণ কৰাৰ বাবে দলটো আজি শ্বিলঙলৈ যাব।

মেঘালয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে। আজি বিধেয়কখনৰ বিৰোধিতা কৰি উত্তৰ-পূব ছাত্ৰ সন্থা (নেছ’)ই  সংসদীয় সমিতিৰ শুনানিত অংশগ্রহণ কৰিব৷

অসম চুক্তিৰ ভিত্তি বর্ষৰ আধাৰত এন আৰ চি উন্নীতকৰণ কৰি ১৯৭১ চনৰ পাছত অহা হিন্দুৱে হওক মুছলমানেই হওক বিদেশী চিনাক্তকৰণ প্রক্রিয়া চলি থকাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা কেৱল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰাৰ প্রক্রিয়াই অসম চুক্তি আৰু এন আৰ চি উন্নীতকৰণ প্রক্রিয়াক অর্থহীন কৰি তোলাৰ দিশটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে।