অপপ্ৰচাৰ আৰু ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈহে বাগানৰ মানুহে বিজেপিক ভোট দিছিল : ভগীৰথ কৰণ

‘স্বাধীনতাৰ পাছৰে পৰা চাহ বাগানৰ লোকসকলে কংগ্ৰেছৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছিল। কিন্তু পূৰ্বৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ অপ-প্ৰচাৰ আৰু ভুৱা প্ৰতিশ্ৰুতিৰ ফলতেই চাহ বাগানৰ সমৰ্থন বিজেপিয়ে পালে।’ আজি গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনত সংবাদমেলৰ জৰিয়তে স্বাধীনোত্তৰ সময়ছোৱাত অসমৰ চাহবাগানসমূহ কংগ্ৰেছৰ সমৰ্থনত থকা বুলি স্বীকাৰ কৰি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ভগীৰথ কৰণে।

আজিৰ সংবাদমেলত ভগীৰথ কৰণে বিজেপিয়ে চলোৱা অপ-প্ৰচাৰ বাখ্যাৰ সন্দৰ্ভত কয় যে ‘চাহ বাগানৰ ৯০ শতাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী লোক। যদি বিজেপিক ভোট নিদিয়ে তেন্তে ৰাজ্যখনেই মুছলিম ৰাজ্য হৈ যাব বুলি তেওঁলোকৰ মাজত প্ৰচাৰ চলালে।’

তদুপৰি বিজেপিয়ে চাহ বাগানৰ লোকসকলক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰি তেওঁ কয় যে, ‘বাগানৰ শ্ৰমিকসকলক ৩৫০ টকাকৈ মজুৰি দিম বুলি বিজেপিয়ে প্ৰলোভন দিছিল। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত এজন শ্ৰমিকে ১৩৭ টকা আৰু বৰাক উপত্যকাত এজন শ্ৰমিকে মাত্ৰ ১১৫ টকা পায়। ৩৫০ টকা বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে মাত্ৰ ৩০ টকাকৈহে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ল’লে।’

তেওঁ লগতে কয় যে, ‘নৰেন্দ্ৰ মোদী বিধানসভাৰ পূৰ্বে ডিব্ৰুগড়ত আহি ঘোষণা কৰিছিল যে চাহ বাগানৰ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে ৪০ হাজাৰ কোটি টকা পৰি আছে। কংগ্ৰেছ চৰকাৰে এইসমূহ টকা খৰচেই কৰিব পৰা নাই। বিজেপি শাসনলৈ আহিলে ঘৰে ঘৰে ৪০ হাজাৰ কোটি টকাৰ পৰা লাভ কৰিব।’

হাস্যকৰভাৱে গুৱাহাটী মহানগৰীৰ শিক্ষিতসকলে মোদীৰ প্ৰতিশ্ৰুতিৰ পিছত দৌৰিছিল বুলি সদৰী কৰি তেওঁ কয় যে, ‘চাহ শ্ৰমিকসকলটো তেওঁলোকৰ তুলনাত সাধাৰণ মানুহহে।’

আনহাতে একেখন সংবাদমেলতে উপস্থিত থকা ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে কয় ‘চাহ শ্ৰমিকসকলক মোদীয়ে এ টি এম খোলাই দিলে হয়, কিন্তু ৰাজ্যৰ চাহ বাগিচাসমূহৰ এটা এ টি এমো এতিয়ালৈকে কাৰ্য্যকৰী হোৱা নাই। এইবোৰ মিছা প্ৰতিশ্ৰুতি আছিল।’

তাৎপৰ্য্যপূৰ্ণভাৱে চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাই অনুসূচিত জাতি-জনজাতিৰ দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন চলাই অহা বুলি সদৰী কৰি বিধায়কগৰাকীয়ে লগতে কয় ‘বিজেপিৰ কেন্দ্ৰীয় জনকল্যাণ মন্ত্ৰী জুৱেল ওৰামে আহি ৬ মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিৰ প্ৰভাৱ চাহ জনগোষ্ঠীয় লোকসকলৰ ওপৰত পৰিল, যাৰ কাৰণে তেওঁলোক বিজেপিৰ প্ৰতি ধাৱমানিত হ’ল।’

ইয়াৰোপৰি চাহ বাগানসমূহৰ শিক্ষা ব্যৱস্থা পূৰ্বতকৈও বেয়াৰ ফালে ঢাল খোৱা বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে। তেওঁ লগতে কয় যে ‘চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহত আঢ়ৈ বছৰ ধৰি পাঠ্যপুঠিয়েই লাভ কৰা নাই। চাহ বাগান এলেকাসমূহত বিশেষকৈ ডুমডুমা, বাক্সা, চিৰাং, ওডালগুৰিকে ধৰি ৬ খন মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধান সভাত কোৱা কথাসমূহো মিছা। বিজেপিয়ে যিমান কথা কৈছে সকলো একো একোটা ফাঁকি।’

সংবাদমেলতে ভগীৰথ কৰণ আৰু দুৰ্গা ভূমিজ দুয়োগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত মিছা প্ৰতিশ্ৰুতিৰ ফলাফল বিজেপিয়ে হাতে-হাতে পাব বুলি দাবী কৰে।