অপাৰেটৰক আদায় দিয়া নাই পাৰিশ্ৰমিক : আধাৰ কাৰ্ডৰ প্ৰস্তুতিত ব্যাপক বিসংগতি

aadhar-1-678x381-570x320

ভাৰতীয় ষ্টেট বেংকে আধাৰ কাৰ্ড প্ৰস্তুতিত নিয়োজিত অপাৰেটৰসকলক পাৰিশ্ৰমিক আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই আধাৰ কাৰ্ড প্ৰস্তুতৰ দায়িত্ব বিভিন্ন বেংকক  অৰ্পণ কৰিছিল যদিও বিগত চাৰিমাহ ধৰি পাৰিশ্ৰমিক পোৱা নাই আধাৰ কাৰ্ড প্ৰস্তুতিত জড়িত অপাৰেটৰসকলে।

জানিব পৰা মতে জানুৱাৰী মাহৰ পাছত আজি পৰ্যন্ত ভাৰতীয় ষ্টেট বেংকৰ হৈ আধাৰ কাৰ্ড প্ৰস্তুতিত নিয়োজিত অপাৰেটৰসকলে পাৰিশ্ৰমিক পাবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ লগত আলোচনা কৰিও অপাৰেটৰসকলে কোনো সুফল পোৱা নাই। সেয়েহে আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত আৰম্ভ হৈছে ব্যাপক বিসংগতি।

উল্লেখযোগ্য যে ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই অন্য ৰাষ্ট্ৰীয়কৃত বেংকৰ দৰে ভাৰতীয় ষ্টেট বেংকক আধাৰ কাৰ্ড প্ৰস্তুতিৰ দায়িত্ব অৰ্পণ কৰিছিল। আধাৰ কাৰ্ড প্ৰস্তুতৰ দায়িত্ব পোৱাৰ পাছত সেই কাম সুকলমে আগবঢ়াই নিবৰ বাবে ষ্টেট বেংক কৰ্তৃপক্ষই ইউটিলিটী ফৰ্মছ প্ৰাইভেট লিমিটেড নামৰ অন্য এটা কোম্পানী নিয়োগ কৰিছিল।

উক্ত কোম্পানীটোৱে আধাৰ কাৰ্ডৰ কাৰিকৰী কাম সম্পন্ন কৰিবলৈ যিসকল অপাৰেটৰ নিয়োগ কৰিছিল, সেই অপাৰেটৰসকলে পাব লগা পাৰিশ্ৰমিক বেংক কৰ্তৃপক্ষই মুকলি কৰি নিদিয়াৰ অভিযোগ উঠিছে।

ইপিনে প্ৰাপ্যৰ পৰা বঞ্চিত অপাৰেটৰসকলে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য প্ৰবন্ধকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে যদিও পাৰিশ্ৰমিক আৰু পাবলগা অন্য সা-সুবিধা সন্দৰ্ভত কোনো নিশ্চয়তা পোৱা নাই।

অপাৰেটৰসকলে অচিৰেই পাৰিশ্ৰমিক লাভ নকৰিলে আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম স্থগিত ৰখাৰ ভাবুকি দিয়ে। অপাৰেটৰসকলৰ অভিযোগ হ’ল যে ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই নিয়ম অনুযায়ী অন্য বেংকৰ লগতে ভাৰতীয় ষ্টেট বেংককো পুঁজি যোগান ধৰি আহিছে। যিহেতু বেংকে ধন পাইছে, সেয়ে আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োজিত অপাৰেটৰসকলক অনাদায় হৈ থকা পাৰিশ্ৰমিকৰ ধন তৎকালে মুকলি কৰি দিব লাগে।

অপাৰেটৰসকলৰ অভিযোগ এয়ে যে অন্য বেংকে আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োগ কৰা প্ৰতিষ্ঠান বা কৰ্মচাৰীক নিয়মীয়াকৈ পাৰিশ্ৰমিক যোগান ধৰি আছে। কিন্তু সমস্যা সৃষ্টি কৰিছে ভাৰতীয় ষ্টেট বেংকেহে। সেয়েহে বেংকটোৱে অচিৰেই প্ৰাপ্য পাৰিশ্ৰমিক মুকলি কৰি নিদিলে আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম অপাৰেটৰসকলে স্থগিত ৰখাৰ ভাবুকি দিছে।