অবৈধ সুৰা প্ৰস্তুতকাৰীক জীৱিকাৰ অন্য পথ দেখুৱাবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্যচিত্ৰ

Sulai

এটা দৃষ্টান্তমূলক তথা প্ৰশংসনীয় পদক্ষেপত ডিব্ৰুগড় জিলা প্ৰশাসনে অবৈধ সুৰা প্ৰস্তুতকাৰীক জীৱিকাৰ অন্য পথ লোৱাত উৎসাহ দিবলৈ য়ুনিচেফৰ (UNICEF) সহায়ত নিৰ্মাণ কৰি উলিয়ালে চুটি ছবি।

এই গুৰুত্বপূৰ্ণ চুটি ছবিখন ডিব্ৰুগড় জিলা পুথিভঁৰালত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চুটি ছবিখন মুকলি কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই কয় যে অবৈধ সুৰাৰ সমাজৰ ওপৰ বিৰাট নেতিবাচক প্ৰভাৱ আছে। ‘ডিব্ৰুগড় জিলা প্ৰশাসনৰ এই অবৈধ সুৰাৰ বিৰুদ্ধে লোৱা অভিযানৰ মই শলাগ লৈছো। জিলাখনত অবৈধ সুৰা প্ৰস্তুত আৰু সুৰাপান অতি বেছি মাত্ৰাত দেখা যায়। জনসাধাৰণৰ সহযোগিতাৰ অবিহনে কেৱল জিলা প্ৰশাসনেই ইয়াক দূৰ কৰিব নোৱাৰে।’ ড০ শইকীয়াই কয়।

জানিব পৰা মতে ডিব্ৰুগড় জিলা প্ৰশাসনে যোৱা ভালেমান দিন ধৰি য়ুনিচেফৰ সৈতে লগ লাগি জিলাখনৰ অবৈধ সুৰা প্ৰস্তুকাৰীসকলক পুনৰ্সংস্থাপন দিয়াৰ বাবে বিভিন্ন কৰ্মশালা আয়োজন কৰি আহিছে।

‘জিলা প্ৰশাসনে অবৈধ সুৰাৰ ব্যৱসায়ৰ সমাজৰ ওপৰত অতি বিৰূপ প্ৰভাৱ আছে। বিশেষকৈ মহিলা আৰু শিশুসকল ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। আমি ডিব্ৰুগড়ক অবৈধ সুৰাৰ প্ৰস্তুতকাৰী আৰু সেৱনকাৰীৰ পৰা মুক্ত কৰিবলৈ ভালেমান দিনৰ পৰা সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছো। আমি য়ুনিচেফৰ সৈতে লগ লাগি এই উদ্দেশ্যত এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰিছো। তথ্যচিত্ৰখনত আমি মদ সেৱনে কেনেকৈ সমাজত বিৰূপ প্ৰভাৱ পেলায় তাক দাঙি ধৰাৰ চেষ্টা কৰিছো।’ এইদৰে কয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে।

উল্লেখযোগ্য যে ভিডিঅ’টোত অবৈধ সুৰা প্ৰস্তুত কৰা লোকসকলে কেনেকৈ অন্য জীৱিকা বাচি লৈছে তাৰ দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে। এই চুটি ছবিখনৰ জৰিয়তে অবৈধ সুৰা প্ৰস্তুতকাৰীক পুনৰ্সংস্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে ডিব্ৰুগড় জিলাখন অবৈধ সুৰামুক্ত হয়।

এই উদ্দেশ্য লৈ জিলা প্ৰশাসনে বিভিন্ন ঠাইত প্ৰশিক্ষণ কাৰ্য্যসূচী, কৰ্মশালা আয়োজন কৰি আহিছে।