অসমত আধাৰ কাৰ্ড প্ৰদানৰ কাম অহা জানুৱাৰিৰ অন্তিম ভাগত আৰম্ভ হ’ব

অহা বছৰৰ জানুৱাৰি মাহৰ শেষৰ পৰা আধাৰ কাৰ্ড তালিকাভুক্তৰ কাম আৰম্ভ হ’ব বুলি অসম চৰকাৰে জনায়। অসম চৰকাৰে ৭খন জিলাৰ ৭টা বেংকৰ মুঠ ২০টা শাখাত আধাৰ কাৰ্ড তালিকাভুক্তৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব। ইয়াৰ উপৰি অতি শীঘ্ৰে ৰাজ্যৰ ১৬৪টা ডাক বিভাগতো লোক সকলৰ সুবিধাৰ্থে এই প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব বুলি জনায়।

চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বঙাইগাওঁ, কাছাৰ, দৰং, ডিব্ৰুগড়, যোৰহাট, কামৰূপ(ম)আৰু শোণিতপুৰ জিলাৰ অনুমোদিত বেংক সমূহে আধাৰ কাৰ্ডৰ কাম নিৰ্দিষ্ট সময়ত আৰম্ভ কৰিব। এলাহাবাদ বেংক, দেনা বেংক, এক্সিছ বেংক, কানাড়া বেংক, আই দি বি আই বেংক, কৰ্পৰেশ্যন বেংক আৰু আই চি আই চি আই বেংকৰ মুঠ ২১টা শাখাত উক্ত ৭খন জিলাৰ আধাৰ কাৰ্ড তালিকাভুক্তৰ প্ৰক্ৰিয়া চলিব। ইউনিক আইদেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই এই বেংক কেইটাক অনুমোদন জনাইছে।

লক্ষ্যণীয় যে ইউনিক আইদেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই সকলো নাগৰিককে প্ৰদান কৰিবলগীয়া ১২টা সংখ্যা যুক্ত এখন পৰিচয় পত্ৰ। উল্লেখণীয় যে গ্ৰাহকসকলে আধাৰ নং সংগ্ৰহৰ বাবে নিজৰ পৰিচয়ৰ প্ৰমাণ, ফটো, আঙুলিৰ চাপ, বয়স আদি দিব লাগিব।

মনকৰিবলগীয়া যে কেন্দ্ৰই বেংক আৰু নিজৰ মোবাইল নংৰ লগত আধাৰ নং সংযোজনৰ সময়সীমা ২০১৮ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে।