অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমৰ্থনত থিয় দিলে অসমৰ বাঙালী দল-সংগঠন

মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্য এক প্ৰকাৰ নাকচ কৰি অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমৰ্থনত থিয় দিলে অসমৰ বাঙালী দল-সংগঠন। অসমৰ বাঙালী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বহুকেইটা দল-সংগঠনে বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে মমতাৰ মন্তব্য ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ই অসমীয়া আৰু বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিক আঘাত কৰিব।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত অসমত চলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে যোৱা ৩১ ডিচেম্বৰৰ মাজৰাতি ইয়াৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ তিনিদিন পিছতে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চি উন্নীতকৰণ অসমৰ পৰা বাঙালী লোকসকলক বাহিৰ কৰাৰ ষড়যন্ত্ৰ বুলি ৰাজহুৱা মন্তব্য কৰিছিল। মমতাৰ এই মন্তব্যৰ পিছত অসমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। অসমৰ থলুৱা লোকৰ বিভিন্ন দল-সংগঠনে বেনাৰ্জীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে একাধিক আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰীজনৰ মন্তব্যত অসমত থকা বাঙালী লোকসকলৰ স্বাৰ্থৰ কথা প্ৰকাশ পালেও অসমৰ বাঙালী সম্প্ৰদায়ে তাক সহজভাৱে লোৱা নাই আৰু ই অসমৰ বাঙালী লোকসকলক ক্ষতিহে কৰিব বুলি শংকা প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ পৰা সদৌ অসম বাঙালী যুৱ ফেডাৰেইশ্যনৰ তিনিচুকীয়া জিলা সভাপতি অজিত দেবনাথ আৰু সম্পাদক প্ৰদীপ নন্দীয়ে কয় যে কেতিয়াও অসমৰ বাঙালীসকলৰ কথাত মাত নমতা মমতা বেনাৰ্জীয়ে কেৱল ৰাজনীতি কৰিবৰ বাবেই এই ধৰণৰ মন্তব্য কৰিছে। তেওঁলোকে বিবৃতিটোত লগতে কয় যে এন আৰ চি উন্নীতকৰণ বিজেপিৰ চৰকাৰৰ নিৰ্দেশত হোৱা নাই, হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত। গতিকে বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ এনেকুৱা মন্তব্য কৰা উচিত নহয়। তেওঁৰ মন্তব্য বাঙালীসকৰল প্ৰতি দৰদৰ পৰিৱৰ্তে নিজৰ ৰাজনৈতিক অভিসন্ধিৰে ভৰা বুলি নেতাদ্বয়ে অভিযোগ কৰে।

আনহাতে নগাওঁ বাঙালী সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমদাৰে কয় যে অসমত বাঙালীসকল অসমীয়াৰ সৈতে দীৰ্ঘদিন ধৰি সুখ-শান্তিৰে বাস কৰি আহিছে। তেনেস্থলত মমতা বেনাৰ্জীৰ মন্তব্য অতিকে দুৰ্ভাগ্যজনক। নিজৰ মন্তব্যত তেওঁ অসমৰ বাঙালীসকলৰ বাবে মমতা বেনাৰ্জীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই, ইয়াৰ বাবে বৃহত্তৰ অসমীয়া জাতি আৰু অসম চৰকাৰ আছে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। তেওঁ অসমৰ বাঙালীসকলক এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ থাকিবলৈও আহ্বান জনায়।

নগাৱঁৰ এজন সমাজকৰ্মী কাৰ্তিক সাহাই কয় যে অসমৰ বায়ু-পানীৰ সৈতে বিলীন হৈ থকা বাঙালী সম্প্ৰদায়ে কেতিয়াও আন ৰাজ্যৰ নেতাৰ উচটনিত ভোল যোৱাৰ দৰকাৰ নাই।

উল্লেখযোগ্য যে আছুকে ধৰি অসমৰ দল-সংগঠনবোৰেও মমতাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে।