অসমত চিনেমা হল স্থাপনৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি চলচ্চিত্ৰ নিৰ্মাতাৰ

A-still-from-Dooronir-Nirola-Poja-570x320

দূৰণিৰ নিৰলা পজা চলচ্চিত্ৰখনৰ এটি স্থিৰ চিত্ৰ

অসমৰ চলচ্চিত্ৰ সমাজে অসম চৰকাৰৰ ৰাজ্যখনত চিনেমা হল নিৰ্মাণ কৰিব খোজা সকলক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে।

বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাজ্যখনত চিনেমা হল নিৰ্মাণ কৰিব খোজা লোকসকলক ৫০ লাখ টকা আগবঢ়োৱাৰ লগতে পুৰণি চিনেমা হলবোৰ পুনৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকা আগবঢ়াব।

নৰ্থইষ্ট নাও ৰ আগত নিজৰ মত ব্যক্ত কৰি খ্যাতনাম চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক উৎপল বৰপুজাৰীয়ে কয়, ‘’ অসম চৰকাৰে এইটো এটা অতি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বেয়া অৱস্থাটোৰ এটা প্ৰধান কাৰণ হৈছে চিত্ৰগৃহৰ অভাৱ। গাঁৱ আৰু সৰু চহৰ অঞ্চলত বহুতো লোক আছে যিসকলে চিত্ৰগৃহত অসমীয়া ছবি চাব বিচাৰে।‘’

বৰপুজাৰীয়ে লগতে কয়, ‘’ আমি যদি গুৱাহাটীৰ আশে পাশে থকা জাগীৰোড, মিৰ্জা, পলাশবাৰী, পানীখাইতী, চন্দ্ৰপুৰ, ক্ষেত্ৰী, পামহি আদি অঞ্চলবোৰ সামৰি লওঁ তেতিয়াহ’লেও আমি অসমীয়া ছবিৰ বাবে হেঁপাহ থকা একাংশ দৰ্শক পাম। আমি মাত্ৰ তেওঁলোকক ধৰি ৰখাৰ প্ৰয়োজন। বৰ্তমান সময়ত ‘কেলেণ্ডাৰ’, ‘দূৰণিৰ নিৰলা পঁজা’ আৰু ‘অন্তৰীণ’ৰ দৰে ভাল ছবি নিৰ্মিত হৈছে আৰু আমি মাত্ৰ এইটো নিশ্চিত কৰিব লাগে যে সেয়া দৰ্শকৰ ওচৰলৈ গৈছে।‘’

‘’লোকেল কুংফু’’ নামৰ বক্স অ’ফিচত সফল ছবিখনৰ নিৰ্মাতা তথা অভিনেতা কেনী বসুমতাৰীয়েও একেধৰণৰ মন্তৱ্য প্ৰকাশ কৰি কয়, ‘’অসমীয়া চলচ্চিত্ৰৰ বাবে সম্ভৱত: উত্তম সিদ্ধান্ত। অসমত প্ৰায় ৫০ টা চিনেমা হ’ল আছে য’ত অসমীয়া ছবি প্ৰদৰ্শিত হয়। ইয়াৰ বিপৰীতে কেৰালাৰ দৰে ৰাজ্যত কমেও ৫০০ টা চিনেমা হল আছে য’ত মালয়ালম ছবি প্ৰদৰ্শিত হয়। চিত্ৰগৃহ যেতিয়া বৃদ্ধি পাব ছবিসমূহে অধিক ব্যৱসায় কৰিবলৈ সক্ষম হ’ব আৰু এইদৰে ছবি উদ্যোগটো গঢ়ি উঠিব।‘’