অসমত মহিলাৰ ওপৰত সংঘটিত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে। ৰাজ্যখনৰ আইন-শৃংখলা সমস্যা উন্নত হোৱা বুলি দাবী কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ দিনত মহিলাৰ সুৰক্ষা নিশ্চিত হোৱা নাই।
অসমত এতিয়া প্ৰতিদিনে গড় হিচাপত ৩০ গৰাকী মহিলা শাৰিৰীক নিৰ্যাতনৰ বলি হোৱাৰ লগতে ৫গৰাকী ধৰ্ষণৰ বলি আৰু ১৫ গৰাকী মহিলা অপহৃত হয়।
সোমবাৰে অসম বিধানসভাত গৃহ বিভাগৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দাঙি ধৰা তথ্যত এই কথা প্ৰকাশ পাইছে।
গৃহ বিভাগৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৭ চনৰ মাৰ্চ মাহলৈকে এটা বছৰত অসমত মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতনৰ ৮৭৭১ টা, ধৰ্ষণৰ ১৫৫২ টা ৪৭৯৪ টা অপহৰণৰ গোচৰ ৰুজু হৈছিল।
আনহাতে, ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৮ চনৰ ৬ জানুৱাৰীলৈ অসমত ৮৩৩৫ টা শাৰিৰীক নিৰ্যাতন, ১৪৫৭ টা ধৰ্ষণ আৰু ৪৩১৪ টা অপহৰণৰ গোচৰ ৰুজু হৈছিল।
উক্ত দুই বৰ্ষৰ উল্লিখিত সময়ছোৱাত বৰপেটা জিলাত সৰ্বাধিক ৩৩৯ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। ইয়াৰ বিপৰীতে ডিমা হাচাওত সৰ্বনিম্ন ৭ টা গোচৰ ৰুজু হৈছিল।
সদনত দিয়া তথ্য অনুসৰি মুঠ ৩০০৯ টা ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ১৭৮৬ টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ৭৬ জনক শাস্তি বিহা হৈছে।
সদনত পাটোৱাৰীয়ে জনোৱা মতে উক্ত সময়ছোৱাত ধৰ্ষণৰ বলি হোৱা ৯ গৰাকী মহিলাৰ মৃত্যু হৈছে।
ধৰ্ষণৰ বলি হোৱা মহিলালৈ তিনি লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ লগতে বিশেষভাৱে সক্ষম মহিলালৈ আৰ্থিক সাহায্যৰ পৰিমান দহ লাখ টকালৈ বৃদ্ধি কৰা হৈছে বুলিও সদনত জনায় মন্ত্ৰী পাটোৱাৰীয়ে।
উল্লেখযোগ্য যে সোমবাৰে অসম বিধানসভাত কংগ্ৰেছ সদস্যা নন্দিতা দাসৰ মহিলা নিৰ্যাতন সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত চৰকাৰে সদনত এই তথ্যসমূহ দাঙি ধৰে।