অসমত মহামাৰীসদৃশ ৰূপ লোৱা ধৰ্ষণৰ বিৰুদ্ধে একে ঘাটত কংগ্ৰেছ আৰু আলফা

tarun gogoi anup chetia ulfa congress in assam

বিভিন্ন বিষয়ত মত-পাৰ্থক্য থাকিলেও অসমত শেহতীয়াকৈ মহামাৰীসদৃশ ৰূপ লোৱা ধৰ্ষণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত একে সুৰত সুৰ মিলাইছে কংগ্ৰেছ আৰু আলফা ( ULFA )ই। ধৰ্ষণৰ প্ৰতিবাদত আজি ১৯ এপ্ৰিলত গুৱাহাটীত অসম গৰিয়া পৰিষদৰ এক কাৰ্য্যসূচীত আলফা নেতা অনুপ চেতিয়াই ভাগ লোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেলত ধৰ্ষণ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিফলতাক কঠোৰভাৱে সমালোচনা কৰে।

মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ অসমত এক নতুন অধ্যাদেশ আনিব লাগে বুলি কালি বুধবাৰে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই মত প্ৰকাশ কৰাৰ পিছতে আজি অনুপ চেতিয়াই ‘আইন প্ৰণেতাসকলে কিছু সংশোধনী আনি ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক। ধৰ্ষণকাৰীৰ বিচাৰ প্ৰক্ৰিয়া ১ দিনৰ পৰা ৩ দিনৰ ভিতৰত কৰিব লাগে’ বুলি মন্তব্য কৰে।

আনহাতে আজিৰ সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই চৰকাৰৰ দিনত ‘ধৰ্ষণৰ ঘটনাবোৰ বাঢ়ি আহিছে’ বুলি উল্লেখ কৰি দাবী কৰে যে ‘চৰকাৰখন দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।’

মুখ্য মন্ত্ৰী সোণোৱালে মুখ্য ন্যায়াধীশলৈ ‘ফাষ্টট্ৰেক আদালতৰ কথাৰে চিঠি দি সন্তুষ্ট থাকিলেই নহ’ব’ বুলি উল্লেখ কৰি গগৈয়ে কয় ‘ফাষ্টট্ৰেক আদালতটো হৈছে ঘটনা হৈ উঠাৰ পিছৰ কথা, আমাক ঘটনাবোৰ বন্ধ হোৱাটো লাগে।’ গগৈয়ে লগতে দাবী কৰে যে ‘অসমত যিধৰণে মহিলাৰ ওপৰত অত্যাচাৰ চলি আছে, বিশেষকৈ শিশু কন্যাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছে, সেই বিষয়টো অসম চৰকাৰে যিমান গুৰুত্বসহকাৰে ল’ব লাগিছিল আমি লোৱা দেখা নাই।’

আনহাতে সদৌ অসম গৰিয়া পৰিষদৰ মহিলাসকলৰ উদ্যোগত ধৰ্ষণৰ বিৰুদ্ধে অনুষ্ঠিত অৱস্থান ধৰ্মঘটত অনুপ চেতিয়াই কয় ‘ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কঠোৰ শাস্তি মানে ফাঁচিৰ ব্যৱস্থা কৰিব লাগে, তাত কোনো মাফ হ’ব নালাগে।’

ধৰ্ষণত ‘সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ আছে বুলি নাভাবো’ বুলি উল্লেখ কৰি আলফা নেতাজনে ‘ধৰ্ষণকাৰী ধৰ্ষণকাৰীয়েই’ বুলি মত প্ৰকাশ কৰে।

‘ধৰ্ষণক লৈ ৰাজনীতি কৰিব নালাগে’ বুলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কৰা মন্তব্যৰো আজি তৰুণ গগৈয়ে বিৰোধিতা কৰে। গগৈয়ে কয় ‘প্ৰকৃততে ৰাজনীতি কোনে কৰিছে? দল-সংগঠনেটো প্ৰতিবাদ কৰিবই। তেওঁৰ মন্তব্য হ’ব লাগিছিল ইমানখিনি হৈ যোৱাৰ পিছতো চৰকাৰে কিয় একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।‘

প্ৰধান মন্ত্ৰী মোদীক সমালোচনা কৰি গগৈয়ে কয় মোদীয়ে দেখুৱাব খুজিছে যে ‘ভাৰতবৰ্ষৰ ছবি পৃথিৱীৰ সন্মুখত ওপৰলৈ গৈ আছে। কিন্তু মই প্ৰশ্ন কৰিব বিচাৰিছো, য’ত মহিলাক সুৰক্ষা দিব পৰা নাই। য’ত ধৰ্ষণৰ সৈতে বিজেপি দলৰে নেতা জৰিত হৈ আছে, সেইখন দেশৰ সন্মান বাঢ়িব নে কমিব?’

গগৈয়ে কয় যে ‘যি দলৰে নেতা নহওক শাস্তিটো পাবই লাগিব ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধ কৰিলে’।