NORTHEAST NOW (Assamese)

অসমত মাথো ৩৬ শতাংশ লোকেহে বিশুদ্ধ পানী সেৱন কৰে : মন্ত্ৰী ৰিহন দৈমাৰী

July 7, 2018 11:43 pm · দীপক কুমাৰ পাঠক

অসমত মাথো ৩৬ শতাংশ লোকেহে বিশুদ্ধ পানী সেৱন কৰাৰ বিপৰীতে বাকী ৬৪ শতাংশ মানুহে এতিয়াও বিভিন্ন উৎসৰ পৰা পানী সংগ্ৰহ কৰি ব্যৱহাৰ কৰি আছে। এই মন্তব্য স্বয়ং ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ।

আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ চেচাপানী আৰু দৰংগামেলাত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা দুখনকৈ বিশুদ্ধ খোৱা পানী আঁচনি মুকলি কৰি মন্ত্ৰী দৈমাৰীয়ে এই মন্তব্য আগবাঢ়ায়।

পানী যোগান আঁচনি উদ্বোধনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসঙ্গত দৈমাৰীয়ে কয় যে আজি মুকলি কৰা আঁচনি দুখন পৰিচালনাৰ দায়িত্ব  লব লাগিব অঞ্চলটোৰ ৰাইজে। আঁচনি দুখনৰ কাৰ্যক্ষমতা নিৰ্ভৰ কৰিব ৰাইজৰ পৰিচালনাৰ ওপৰত।

ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে ২০১৯ চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালতে অনাময় আঁচনিৰ জৰিয়তে শৌচালয় নিৰ্মাণ কৰা হ’ব। প্ৰসংগক্ৰমে তেওঁ কয় যে বাক্সা জিলাৰ পৰিত্যক্ত আৰু বিকল অৱস্থাত থকা পানী যোগান  আঁচনি সমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ কাৰণে ইতিমধ্যে ৬ কৌটি ৬০ লাখ টকা মুকলি কৰি দিয়া  হৈছে ।

তামুলপুৰ জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডল বিষয়া বি এম ৰয়ে আঁত ধৰা পানী যোগান আঁচনি উদ্বোধনী সভাত তামুলপুৰ বিধনসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, কাৰ্যবাহী সদস্য দেবেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, চি এছ ডি দীপক দত্ত, বি টি চিৰ জনস্বাস্থ্য আৰু কাৰীকৰি বিভাগৰ সচিব ভৱানী প্ৰসাদ শৰ্মা, বাক্সা জিলা সংমণ্ডলৰ বিষয়া মিনতি চহৰীয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ তামুলপুৰ উপ সংমণ্ডলৰ বিষয়া বিৰলা মঙ্গল ৰায়, অভিযন্তা মঞ্জন বড়ো, তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিৎ বাগলাৰী, অতিৰিক্ত আয়ুক্ত হৃদয় দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News