NORTHEAST NOW (Assamese)

অসমত ৰাইজে বিদেশীমুক্ত অসম বিচাৰে : কৃষক নেতা অখিল গগৈ

July 31, 2018 9:24 am · এন ই নাও নিউজ

দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তথা পূৰ্ণাংগ খচৰা। আৰু এই খচৰা প্ৰকাশৰ পিছতেই কৃষক নেতা অখিল গগৈয়ে সোমবাৰে সংবাদমেলযোগে ৰাজনৈতিক ষড়যন্ত্ৰক ওফৰাই উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিনটো অসমৰে নহয় ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে।

সংবাদমলতে কৃষক নেতা গৰাকীয়ে কয় যে এন আৰ চি প্ৰকাশৰ দিনটোত ভূমিকম্প হ’ব বুলি মন্তব্য কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পৰিৱেশ অশান্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু অসমৰ ৰাইজে এন আৰ চিক আদৰণি জনাইছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে অসমত ৰাইজে বিদেশীমুক্ত অসম বিচাৰে।

উল্লেখযোগ্য যে অখিল গগৈয়ে এন আৰ চিৰ প্ৰথম কৃতিত্ব উচ্চতম ন্যায়ালয়ক দিয়ে। ইয়াৰ পিছতে ন্যায়াধীশ ৰঞ্জন গগৈ, আৰ এফ নাৰিমন অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থা আদিকে কৃতজ্ঞতা আৰু অভিনন্দন জনায়।

আনহাতে উচ্চতম ন্যায়ালয়ৰ পিছতে কৃষক নেতা গৰাকীয়ে কৃতিত্ব প্ৰদান কৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এন আৰ চিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক।

লগতে কৃষক নেতা গৰাকীয়ে ১৯৭১ চনৰ আগৰ যিসকল লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে তেওঁলোকৰ নাম নাম সন্নিৱিষ্ট কৰাৰ বাবে সকলোপ্ৰকাৰৰ চেষ্টা চলাব বুলিও সংবাদমেলত উল্লেখ কৰে।

তৰোপৰি ১৯৭১ চনৰ পাছৰ লোকসকলক বাংলাদেশলৈ ঘূৰাই পঠাবলৈ বাংলাদেশৰ লগত যাতে ভাৰতে দ্বিপাক্ষিক চুক্তি কৰে তাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাব বুলিও কৃষক নেতা গৰাকীয়ে উল্লেখ কৰে।

Related News