”অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব কেৱল আঞ্চলিক দলেহে। ইয়াৰ বাবে অসমৰ ৰাইজে আঞ্চলিক দলক শক্তিশালী কৰিব লাগিব।”- এই মন্তব্য নতুনকৈ ৰাজ্যত আত্মপ্ৰকাশ কৰা ৰাজনৈতিক দল অসম জন মৰ্চাৰ ৰাজ্যিক অধ্যক্ষ আব্দুল মতিনৰ।
নগাঁৱৰ আজাদ নগৰত দেওবাৰে আঞ্চলিক দলটোৰ ৰাজ্যিক কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত এইদৰে মন্তব্য কৰি অধ্যক্ষ গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় দল সমুহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে। ইমান দিনে এই দলসমূহে ৰাজ্যৰ শাসনৰ বাঘজৰী দখল কৰি কেৱল শোষণ আৰু তোষণ কৰি আহিছে।
ৰাষ্ট্ৰীয় দল সমূহে মিছা প্ৰতিশ্ৰুতিৰে শাসনৰ নামত ঐক্য-সংহতি বিনষ্ট কৰিছে বুলি উল্লেখ কৰি আঞ্চলিক দলটোৰ অধ্যক্ষগৰাকীয়ে কয় যে অসমৰ ঐতিহ্য, ভাষা- সংস্কৃতিৰ লগতে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আঞ্চলিক দলৰ বিকল্প নাই। এই ক্ষেত্ৰত অসম জন মৰ্চাই গণতান্ত্ৰিক দৃষ্টিভংগীৰে আগবাঢ়ি যাব বুলি মতিনে উল্লেখ কৰে।দলটোৱে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ ন্যায্যতা নিশ্চিত কৰাত অহোপুৰুষাৰ্থ কৰি যাব বুলিও তেওঁ উল্লেখ কৰে।
আনুষ্ঠানিকভাবে দলৰ কাৰ্যালয় মুকলি কৰাৰ পিছত বিশিষ্ট চিকিৎসক ডাঃ মুনিন বৰকটকীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। এই সভাত দলটোৰ ৰাজ্যিক সভাপতি তথা জ্যেষ্ঠ অধিবক্তা ছাইফুল ইছলামে কয় যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আগুৱাই নিয়াই উদ্দেশ্য গঠন কৰা দলটোৱে যোৱা ২৮ মাৰ্চত ভাৰতীয় নিৰ্বাচনী আয়োগৰ স্বীকৃতি লাভ কৰিছে।
তেওঁ কয়, – বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি-ভ্ৰাষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি অসমৰ ৰাইজে পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৰাজ্যৰ শাসনৰ গাদীত বহুৱাইছিল। কিন্তু এইখন চৰকাৰৰ দিনতো নিত্য প্ৰয়োজনীয় প্ৰতিটো বয়-বস্তুৰ দাম প্ৰতিদিনাই বৃদ্ধি পাইছে।
ভাষণ প্ৰসংগত দলটোৰ সভাপতি গৰাকীয়ে ৮৫৫ গৰাকী শ্বহীদৰ বিনিময়ত স্বাক্ষৰ হোৱা অসম চুক্তিক আখৰে আখৰে মানিব লাগিব। সেই ঐতিহাসিক চুক্তি অনুসৰি, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো হিন্দু-মুছলমান অসম এৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে অসমৰ মাটি ইতিমধ্যে বাংলাদেশ, মিজোৰাম, মণিপুৰ, মেঘালয়ে লৈ গ’ল। এতিয়া আকৌ হিন্দু বিদেশীৰ বোজা অসমে ল’ব নোৱাৰে।
নেতাগৰাকীয়ে এ আই ডি ইউৰ সভাপতি বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে অসমীয়া কথা ভালকৈ ক’ব নজনা, অসমৰ ভাষা-সংস্কৃতিৰ জ্ঞান নথকা দলটোৱে থলুৱা তথা খিলঞ্জীয়া লোকৰ স্বাৰ্থ কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন অৱতাৰ কৰে। তেওঁ শংকৰ-আজানৰ দেশত মিলাপ্ৰীতিৰে থাকি অসমখন আগুৱাই নিবলৈ সহায় কৰাৰ বাবে সকলোকে আহ্বান জনায়।
কেবা শতাধিক ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত দলটোৰ ৰাজ্যিক সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, জ্যেষ্ঠ অধিবক্তা হাৰিকুল ইছলাম ভূঞা আদিকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।