”ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আমাৰ লগত আলোচনা কৰাৰ পোষকতা কৰিছে যদিও চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰি অসমীয়া ৰাইজৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰে তেন্তে আমি ৰাইজৰ পক্ষ ল’ম।” এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ।
আজি নগাঁও জিলাৰ চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয়।
তেওঁ ভাষণ প্ৰসংগত আৰু কয়, ‘’অসমীয়াই কৰ্ম সংস্কৃতিত মগ্ন হ’ব লাগিব। আনহাতে জেঠ মাহলৈকে ব’হাগ বিহু উৎসৱ পালন কৰাৰ পক্ষপাতি হ’ব নালাগে। নহ’লে কাষৰীয়া ৰাষ্ট্ৰ তিব্বতীসকলৰ দৰে হ’ব। এটা সময়ত তিব্বতীসকল কৰ্মঠ জাতি আছিল। কিন্তু তেওঁলোকে বছৰটোৰ বেছিভাগ সময় উৎসৱ-পাৰ্বনত মগ্ন হোৱা বাবে একেবাৰে দুখীয়া চুবুৰীয়া চীনে আক্ৰমণ কৰি নিজৰ কৰিলে।‘’
এই অনুষ্ঠানতে মানৱ অধিকাৰ কৰ্মী তথা পিচিজিৰ সদস্য লাচিত বৰদলৈ আৰু দিলীপ পাটগিৰিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰি অনুষ্ঠানটোত জেং বিহু প্ৰতিযোগিতাৰ লগতে নিশা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।