• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়া ভাষাৰ ওপৰত আন এটা আঘাত : মাইক্ৰ’ছফটৰ ইমেইল ঠিকনাৰ বাবে নিৰ্বাচিত নহ’ল অসমীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 6:08 pm
Microsoft-570x320

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাক ভাল পোৱা সকলোৰে বাবে নিশ্চিতভাৱেই এটা দুঃখবৰ। ভাষিক বৈষম্যৰ বলি হৈ প্ৰযুক্তিৰ জগতখনত অসমীয়া ভাষাই আন এটা আঘাত মূৰ পাতি ল’ব লগীয়া হৈছে।

এই আঘাত আহিছে বিশ্বৰ তথ্য-প্ৰযুক্তি জগতৰ মহাতাৰকা সদৃশ কোম্পানি মাইক্ৰ’ছ’ফটৰ পৰা। শেহতীয়া তথ্যমতে কোম্পানিটোৱে বিশ্ব মাতৃভাষা দিৱসৰ আঁচনি হিচাপে যোৱা ২১ ফেব্ৰুৱাৰিত ঘোষণা কৰিছে যে ভাৰতীয় ব্যৱহাৰকাৰীসকলক নিজৰ ভাষাত ইমেইল ঠিকনা খোলাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ বাবে কোম্পানিটোৱে ভাৰতৰ ১৫টা ভাষাক নিৰ্বাচন কৰিছে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ বৰো, বাঙালী, মণিপুৰী, নেপালী ভাষা আছে। কিন্তু নাই অসমীয়া ভাষা।

অসমীয়া ভাষা আৰু লিপিয়ে তথ্য-প্ৰযুক্তিৰ জগতখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পক্ষসমূহৰ পৰা বৈষম্যৰ বলি হৈ অহাটো দুখেৰে সৈতে চাই থাকিব লগীয়া হৈছে অসমীয়া মানুহে। কাৰণ অসমীয়া মানুহৰ কোনো নিজা ভূমিকা বা ভুলৰ অবিহনেই বাৰে বাৰে এনে বঞ্চনাৰ বলি হৈছে ভাষাটো।

উল্লেখযোগ্য যে য়ুনিক’ডত অসমীয়া লিপিৰ স্বকীয়তাৰ স্বীকৃতিৰ বাবে যোৱা দীৰ্ঘদিন ধৰি অসমীয়া মানুহে ব্যক্তিগত আৰু সংঘবদ্ধ স্তৰত যুঁজ দি আহিছে। এতিয়া ভাষা হিচাপেও অসমীয়া ভাষাৰ গুৰুত্বক হেলাৰঙে সকলোৱে নুই কৰিবলৈ ধৰিছে।

উল্লেখযোগ্য যে মাইক্ৰ’ছ’ফটৰ এই আঁচনিখনৰ ফলত কোনো ব্যৱহাৰকাৰীয়ে ইংৰাজীৰ বাদেও তালিকাভুক্ত ভাষাকেইটাতো নিজৰ ইমেইল ঠিকনা খুলিব পাৰিব। তাৰ বাবে য়ুজাৰজনে নিজৰ কম্পিউটাৰত outlook.com ৰ client হিচাপে সোমাব লাগিব। ইয়াৰ মাধ্যমত নিজৰ ভাষাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰি য়ুজাৰে মেইল পঠাব বা গ্ৰহণ কৰিব পাৰিব।

এই স্থানীয় ভাষাৰ ঠিকনা ব্যৱহাৰ কৰি মাইক্ৰ’ছ’ফটৰ আৰু আন কিছুমান সহযোগী কোম্পানিৰ এপ্লিকেইশ্যনতো বাৰ্তা আদান-প্ৰদান কৰিব পাৰিব।

জানিব পৰামতে এই ভাষাবোৰ য়ুনিক’ড মান সমৰ্থিত আৰু এইবোৰৰ য়ুজাৰে থাৰ্ড-পাৰ্টি ইমেইল ছাৰ্ভিছ প্ৰভাইডাৰৰ মাজেৰে (উদাহৰণ : XgenPlus) নিজৰ একাউণ্ট পঞ্জীয়ন কৰিব পাৰিব।

অৱশ্যে মাইক্ৰ’ছ’ফটে এই বুলি কৈছে যে কোম্পানিটোৱে য়ুনিক’ড সমৰ্থিত যিকোনো লিপিৰ ইমেইল ঠিকনা গ্ৰহণ কৰিবৰ বাবে কাম কৰি আছে। তেতিয়া অসমীয়াকে ধৰি সকলো য়ুনিক’ড মানসম্পন্ন ভাষাতে ইমেইল ঠিকনা খুলিব পাৰিব।

কিন্তু অসমীয়া ভাষাটোৰ ব্যৱহাৰকাৰী যথেষ্ট সংখ্যক থকা সত্ত্বেও কিয় মাইক্ৰ’ছ’ফটে ইয়াক কিয় এতিয়াই তালিকাভুক্ত কৰা নাই সেয়া জানিব পৰা হোৱা নাই। বাৰে বাৰে অসমীয়া ভাষাই সন্মুখীন হোৱা এই বৈষম্যই স্বাভাৱিকতে আঘাত দিছে অসমীয়া ভাষাপ্ৰেমীক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am
পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd