NORTHEAST NOW (Assamese)

অসমীয়া ভাষাৰ বিলুপ্তিৰ সম্ভাৱনা ঘোষণা কৰি কি মন্তব্য আজমলৰ?

June 29, 2018 10:43 pm · কল্পজ্যোতি শইকীয়া
Updated: June 29, 2018 11:14 pm

২০১১ চনৰ লোকপিয়লত প্ৰকাশ পোৱাৰ দৰে অসমীয়াভাষীৰ সংখ্যা হ্ৰাস পাই থাকিলে অতি সোনকালে অসমীয়া ভাষা বিলুপ্ত হোৱাৰ সম্ভাৱনাই অধিক বুলি নিজৰ চিন্তা প্ৰকাশ কৰিছে এ’ আই দি ইউ এফৰ নেতা বদৰুদ্দিন আজমলে।

‘যদি অসমীয়াভাষীৰ সংখ্যা এনেভাৱে হ্ৰাস পাই, তেন্তে অতি সোনকালে অসমীয়া ভাষা বিলুপ্ত হোৱাৰ সম্ভাৱনাই অধিক,’ আজমলৰ মন্তব্য।

ৰাজ্যত অসমীয়াভাষীৰ সংখ্যা দিনক দিনে হ্ৰাস পোৱাটো অত্যন্ত চিন্তনীয় বিষয় বুলি মত প্ৰকাশ কৰি আজমলে ‘এতিয়া জোঁৰ পুৰি হাত পালেহি। জাতি-মাটি-ভেটিৰ কথা কোৱাসকলে অসমীয়া ভাষা ৰক্ষা আৰু প্ৰসাৰৰ বাবে ব্যৱস্থা ল’ব লাগে, অন্যথা অসমীয়া ভাষা বিলুপ্ত হ’বলৈ বেছি সময় নালাগিব’ বুলিও সোণোৱাল চৰকাৰক সমালোচনা কৰে।

ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজক লৈ জাতীয় ভাষাটোৰ সুৰক্ষাৰ সপক্ষে এক জনজাগৰণ সৃষ্টি কৰিব লাগিব বুলি মত প্ৰকাশ কৰি আজমলে কয় ‘এইক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জাতীয় সংগঠনসমূহৰ যথেষ্ট কৰণীয় আছে।’

অসমীয়াভাষীৰ সংখ্যা কিয় হ্ৰাস পালে, সেয়া পৰ্য্যালোচনা কৰি দায়িত্বসহকাৰে কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ বাবেও তেওঁ আহ্বান জনায়।

Related News