• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমে বাঙালিৰ শৰশয্যা’ : কলকাতাৰ কাকতত অসমৰ বাঙালী বুদ্ধিজীৱীৰ বিতৰ্কিত লেখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 8:56 pm
Tapodhir-Bhattacharjee-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমে বাঙালিৰ শৰশয্যা’ শিৰোনামৰ তপোধীৰ ভট্টাচাৰ্য্যৰ এটা বিতৰ্কিত লেখাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা অসমৰে এজন আগ শাৰীৰ বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্য্যই পূৰ্বেও বিতৰ্কিত মন্তব্য দিছিল। সুবোধ বিশ্বাসৰ গ্ৰেপ্তাৰৰ সময়তো বিতৰ্কিত মন্তব্য কৰিছিল তপোধীৰ ভট্টাচাৰ্যই। কেৱল সেয়ে নহয়, অসমত থকা বাঙালীসকলৰ মনত অসমীয়া বিদ্বেষ সুমাই দিয়া তথা অসুৰক্ষিত বুলি ভীতিগ্ৰস্ত কৰাৰ ভূমিকাত অৱতীৰ্ণ হোৱা কেইবাবাৰো দেখা গৈছে তেওঁক।

Apply Now

কলকাতা আৰু শিলচৰৰ পৰা প্ৰকাশিত আজকাল নামৰ কাকতখনত ৩ জুলাইৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা  ‘অসমে বাঙালিৰ শৰশয্যা’ শীৰ্ষক লেখাটোতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপট ব্যৱহাৰ কৰি অসমীয়া আৰু অসমৰ বাঙালীসকলৰ মাজত বিদ্বেষ বিয়পোৱাৰ চেষ্টা কৰা দেখা গ’ল বুদ্ধিজীৱীজনক। তেওঁ অসমত বাঙালীসকল অসমীয়া আধিপত্যবাদৰ বলি হৈছে বুলি অভিযোগ কৰিছে লেখাটোত। লগতে এন আৰ চিখনক অসমত থকা বাঙালীসকলৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে ইয়াক বাঙালীসকলৰ বাবে শৰশয্যা অভিহিত কৰিছে। “২০১৭-এর ৩১ ডিসেম্বর মধ্যরাতে প্রথম খসড়া নাগৰিকপঞ্জি প্ৰকাশের সঙ্গে সঙ্গে স্পষ্ট হয়ে গিয়েছিল, নাগরিকপঞ্জি নবায়ন সুপরিকল্পিত চক্রান্ত ছাড়া আর কিছুই নয়।” এইদৰে কয় ভট্টাচাৰ্য্যই।

“এই বয়ান যেদিন লিখছি, সেই ৩০ জুন বাঙালি-মৃগয়ার পূর্ব নির্ধারিত ফল প্ৰকাশিত হওয়ার কথা ছিল।…” অৰ্থাৎ এন আৰ চিক বাঙালীক চিকাৰ কৰা প্ৰক্ৰিয়া বুলি তেওঁ স্পষ্ট ইংগিত দিয়ে।

কেৱল সেয়ে নহয়, তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত বাঙালি-বিদ্বেষৰ কদৰ্য্য সংঘবদ্ধ চেহেৰা উন্মত্ত উত্তেজনা প্ৰকাশ পোৱা বুলি দাবী কৰে।

তেওঁ আকৌ লিখিছে, “বাঙালি হিন্দু-মুসলমান ভুলে যাচ্ছেন যে তাঁদের মাতৃভাষা সংখ্যার নিরিখে পৃথিবীতে ষষ্ঠ এবং ভারতে দ্বিতীয়।…” তেওঁ ধৰ্মৰ বিভেদ পাহৰি হিন্দু-মুচলমানক বাঙালীৰ অতীত গৌৰৱ আওৰোৱাৰ বাবে আহ্বান জনাইছে লেখাটোৰ জৰিয়তে। তাৰ বাবে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিৰ মুচলমানসকলে নিজকে ভাষিক অসমীয়া হিচাপে পৰিচয় দিয়াৰ পিছতো অসমীয়াৰ দ্বাৰা নেলী-গহপুৰৰ বীভৎস গণহত্যা হৈছিল বুলি সোঁৱৰাই দিয়ে।

আনহাতে আলোচনাপন্থী আলফাৰ স্থিতিকো কঠোৰ ভাষাৰে আক্ৰমণ কৰে।

ভট্টাচাৰ্য্যৰ এই বিভিন্ন উচটনিমূলক বক্তব্য আৰু বিদ্বেষ ভৰা লেখাটোক লৈ এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰে চৰ্চা হৈছে। ছ’চিয়েল মিডিয়াৰ লগতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো বিভিন্নজনে লেখকজনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

এইখিনিতে উল্লেখযোগ্য যে যোৱা বছৰৰ অন্তিম দিনটোত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰাত নাম অহা নাছিল বিশিষ্ট লেখকজনৰ। তেতিয়াও তীব্ৰ ক্ষোভ উজাৰিছিল ভট্টাচাৰ্য্যই। তেওঁ নিজকে অপমানিত বোধ কৰিছিল আৰু কৈছিল, “এত বড় স্পর্ধা এই রাষ্ট্রের যে আমার সাংবিধানিক অধিকার কেড়ে নিতে চায়। এতে আমি অপমানিত, লাঞ্ছিত এবং ক্ষুব্ধ।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd