কেন্দ্ৰীয় ৰে’ল বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে সংশ্লিষ্ট জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়াসকলক পিছপৰা জিলা সমূহৰ বিশদ সম্পদসমূহ চিনাক্ত কৰি লক্ষ্যত উপনীত হ’ব পৰা কাৰ্যকৰী আঁচনি যুগুত কৰিবলৈ আহ্বান জনাইছে।
গুৱাহাটীত বৃহস্পতিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ সাতখন অভিলাষী জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এক লক্ষ্য নিৰ্দ্ধাৰিত দিশেৰে অভিযান চলাই পিছপৰা জিলাসমূহৰ বিকাশৰ ক্ষেত্ৰত নিটি আয়োগৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে তেওঁ প্ৰতি দুমাহৰ অন্তৰে অন্তৰে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব আৰু দুমাহৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে পৰৱৰ্তী দিনত গ্ৰহণ কৰিবলগীয়া কামৰ ৰূপৰেখা চালি জাৰি চোৱা হ’ব।
বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্য সচিব ভি কে পিপাৰনেচিয়াই তেওঁৰ মন্তৱ্যত সংশ্লিষ্ট উপায়ুক্ত তথা ‘ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া’সকলক আঁচনিসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ লগতে ২০২২ চনৰ ভিতৰত লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে নিটি আয়োগে দেশৰ ১১৫ খন জিলাক অনুন্নত জিলা হিচাপে চিনাক্ত কৰি এইবেৰৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত অসমৰ সাতখন জিলা ক্ৰমে হাইলাকান্দি, ধুবুৰী, বৰপেটা, দৰং, গোৱালপাৰা, বাক্সা আৰু ওদালগুৰিও আছে।
উন্নয়নৰ দিশত নজৰৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিছে আৰু ৰাজ্য চৰকাৰেও প্ৰতিখন নিৰ্বাচিত জিলাতে একোজন ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিছে।
এই অনুন্নত জিলাকেইখনক বিকাশৰ বাবে গ্ৰহণ কৰা বুনিয়াদী ক্ষেত্ৰবোৰ হৈছে : স্বাস্থ্য আৰু পুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, আৰ্থিক বিকাশ তথা দক্ষতা নিৰ্মাণ, বুনিয়াদী আন্ত:গাঁথনি আৰু কৌশল।
ইয়াৰ পূৰ্বে ৰাজ্যৰ বিত্ত, উন্নয়ন ইত্যাদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালৰ আদৰণি ভাষণেৰে বৈঠক আৰম্ভ কৰা হয়।
বৈঠকত অংশগ্ৰহণ কৰি সংশ্লিষ্ট উপায়ুক্ত তথা ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়াসকলে উক্ত জিলাসমূহৰ শক্তি, দুৰ্বলতা আৰু সুযোগসমূহৰ বিষয়ে আলোকপাত কৰে।