NORTHEAST NOW (Assamese)

অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত যুঁজ দিব নৱগঠিত বাওঁ গণতান্ত্ৰিক মঞ্চই

December 26, 2017 8:46 pm · এন ই নাও নিউজ
Updated: December 26, 2017 10:30 pm

নৱগঠিত বাওঁ গণতান্ত্ৰিক মঞ্চই অসমৰ আসন্ন পঞ্চয়ত নিৰ্বাচনত এক ঐক্যবদ্ধ ফ্ৰণ্ট হিচাপে যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। সৰ্বমুঠ ১১ টা ৰাজনৈতিক দল একে ছাটীৰ তলত সমৱেত হৈ এই বাওঁ গণতান্ত্ৰিক মঞ্চ গঠন কৰিছে। এই মঞ্চত সমৱেত হোৱা দল সমূহ হ’ল চি পি আই (এম), চি পি আই, চি পি আই (এম এল), জনতা দল (ধৰ্মনিৰপেক্ষ), সমাজবাদী পাৰ্টি, এন চি পি, আপ, অসম সংগ্ৰামী মঞ্চ, লিবাৰেল ডেমক্ৰেটিক পাৰ্টি, অল ইণ্ডয়া ফ’ৰৱাৰ্ড ব্লক আৰু আৰচিপি আই। ১১ টা বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনত যুঁজ দিবলৈ লোৱা সিদ্ধান্তটো তাৎপৰ্যপূৰ্ণ যিহেতু শাসকীয় মৰ্চাৰ বিজেপি, এজেপি আৰু বিপিএফ প্ৰত্যেকেই স্বাধীনভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এতিয়ালৈকে যদিও পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা  নাই তথাপি অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৬ চনৰ জুলাই মাহত অসমৰ ১২ খন তৈলক্ষেত্ৰ নিলামৰ বিৰেধীতা কৰি এই মঞ্চ গঠিত হৈছিল। চৰাকৰে ভাৰতৰ ৪৮ খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহে নিৰ্বাচনত আসন ভাগাই লোৱাৰ সম্ভাৱনা আছে। কিন্তু মঞ্চৰ আহ্বায়ক দেৱেন ভট্টাচাৰ্যই জনোৱা অনুসৰি কংগ্ৰেছ আৰু এই আই আউ ডি এফৰ সৈতে আসন বুজাবুজি কৰাৰ সম্ভাৱনা নায়। দলকেইটাই ঐক্যবদ্ধ এজেণ্ডা লৈ নিৰ্বচনত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে এই মঞ্চই এন আৰ চি, বাংলাদেশী অনুপ্ৰৱেশকাৰী, বান সমস্যা আদি বিষয়ক লৈও মাত মাতি আহিছে। বাওঁ গণতান্ত্ৰিক মঞ্চই লগতে দাবী জনাই যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১৯৭১ চনৰ ২৪ মাৰ্চেই ভিত্তি তাৰিখ হোৱা উচিত। মঞ্চই লগতে উচ্ছেদিত পৰিয়ালৰ সংস্থাপনৰ পৰিকল্পনা অবিহনে উচ্ছেদ অভিযান বন্ধ ৰখা আৰু ধৰ্মৰ ভিত্তিত উচ্ছেদ নচলোৱাৰ পোষকতা কৰে। হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে হোৱা ব্যাপক জনবিক্ষোভৰ পৰিপ্ৰেক্ষিতত এই ৰাজনৈতিক দল সমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আন্দোলন তীব্ৰতৰ কৰাৰো পৰিকল্পনা কৰিছে।

Related News