NORTHEAST NOW (Assamese)

অসমৰ উদীয়মান মূকাভিনেত্ৰী নন্দিতা ডেকালৈ ভাৰত চৰকাৰৰ জলপানি

July 15, 2018 4:33 pm · এন ই নাও নিউজ
Updated: July 15, 2018 11:45 pm

অসমৰ উদীয়মান মূকাভিনেত্ৰী নন্দিতা ডেকাই ২০১৭-১৮ বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ে আগবঢ়োৱা এক জলপানি লাভ কৰিছে।

এই জলপানি লাভ কৰা ডেকা হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মূকাভিনেত্ৰী।

নতুন দিল্লীস্থিত সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ‘দেশৰ যুৱ প্ৰতিভাশালী’ বুলি চিনাক্ত কৰাসকলক উৎসাহিত কৰিবলৈ বুলি প্ৰতি বছৰে এই জলপানি প্ৰদান কৰি আহিছে।

ডেকাই ২০১৬ চনৰ পৰা অসমৰ বিশিষ্ট মূকাভিনেতা, সংগীত নাটক একাডেমি বঁটাপ্ৰাপক মইনুল হকৰ গুৱাহাটীস্থিত মাইম একাডেমিত মূকাভিনয়ৰ শিক্ষা গ্ৰহণ কৰি আছে।

উল্লেখযোগ্য যে যোৱা ২০১৬-১৭ বৰ্ষত এই জলপানি পোৱা মিনাংক ডেকাও মূকাভিনেতা মইনুল হকৰে শিষ্য।

ডেকা বাক্সা জিলাৰ তামুলপুৰৰ স্বৰ্গীয় দীপক ডেকা আৰু গীতাঞ্জলী তালুকদাৰৰ দ্বিতীয় কন্যা।

মূকাভিনয়ৰ উপৰিও নন্দিতাই অসম স্কুল অৱ জাৰ্নেলিজম নামৰ প্ৰতিষ্ঠানটোৰ পৰা ইতিমধ্যে সাংবাদিকতাৰ পাঠ্যক্ৰমো সমাপ্ত কৰিছে।

Related News