অসমৰ গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ এক লাখ টকাৰ পুৰস্কাৰ

rhino-horn-678x381

প্ৰতিনিধত্বমূলক ফটো

অসমৰ কাছাৰ জিলাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা দুৰ্ধৰ্ষ চোৰাং চিকাৰী হাবিব হুছেইনৰ কোনো লোকে সন্ধান দিলে নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়াৱ বুলি ঘোষণা কৰিছে হিউমেন ছচাইটি ইন্টাৰনেশ্যনেল, ইণ্ডিয়াই (এইচএছআইআই)। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

এইচএছআইআই হৈছে বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগত জড়িত এটি সংস্থা।

যোৱা ১৯ ফেব্ৰুৱাৰীত অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ এক যৌথ অভিযানত কাছাৰৰ ভৈৰৱপুৰৰ পৰা তিনিটা চোৰাং চিকাৰীক আটক কৰা হৈছিল। আনগৰাকী চোৰাং চিকাৰী হাবিব হুছেইন (৩২) বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ এটা গঁড়ৰ খড়্গ লৈ পলাই সাৰিবলৈ সক্ষম হয়। হাবিব হুছেইন এতিয়াও পলাতক হৈ আছে।

গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী চোৰাং চিকাৰীক খলিলুৰ ৰহমান (৪৭),মইনুদ্দিন (৫৮) আৰু লোকমান আলী (৬০) বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজনেই ৰাজ্যখনৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা।

এই চোৰাং চিকাৰী কেইটাই বৰাক উপত্যকাৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ চোৰাং চিকাৰৰ চক্ৰ চলাই আছিল।

‘’ দুৰ্ভাগ্যজনকভাৱে বন্যপ্ৰাণীৰ ব্যৱসায় বিশেষকৈ গঁড়ৰ খড়্গৰ ব্যৱসায় বিশ্বত বৃদ্ধি পাই আহিছে। গঁড়ৰ খড়্গকলৈ জনসমাজত বহুতো জনবিশ্বাস আৰু অন্ধবিশ্বাস বৰ্তি আছে। কিছুমান সংস্কৃতিত ইয়াক কামশক্তি বৰ্ধক সামগ্ৰী বুলি বিশ্বাস কৰাৰ লগতে আন কিছুমানে ইয়াৰ ৰোগ নিৰাময়ৰ শক্তি থকা বুলি বিশ্বাস কৰে। কিন্তু দৰাচলতে এয়া মিছা আৰু কোনো বৈজ্ঞানিক ভিত্তি নাই,’’-এইচএছআইআইৰ বন্যপ্ৰাণী প্ৰচাৰ পৰিচালক সুমন্থ বিন্দুমাধৱৰ উদ্ধৃতিৰে বাতৰিটোত কোৱা হৈছে।

বিন্দুমাধৱে কৈছে যে পুৰস্কাৰ ঘোষণা কৰি এইচএছআইআইয়ে পলাই থকা চোৰাং চিকাৰীটোক কৰায়ত্ত্ব কৰাৰ ক্ষেত্ৰত আছাম ৰাইফলছ, অসম আৰক্ষী আৰু আন বলবৎকাৰী সংস্থাসমূহক সহায় কৰিব বিচাৰিছে।

এই ঘটনাৰ লগত জড়িত সংস্থাসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰি বিন্দুমাধৱে পলাতক চোৰাং চিকাৰীটোক ধৰাৰ ক্ষেত্ৰত ই সহায় কৰিব বুলি আশা কৰে। বিন্দুমাধৱে লগতে যদি কোনোৱে কিবা তথ্য পায় সংস্থাটোক যোগাযোগ কৰিবলৈ আহ্বান জনায়।

ভাৰতৰ এটা খড়্গযুক্ত গঁড়সমূহ ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অনুসূচী ১ৰ অধীনত সুৰক্ষিত প্ৰজাতি আৰু শৰীৰৰ অংশৰ বাবে ইয়াৰ হত্যা কৰাটো আইন বিৰুদ্ধ তথা এক শাস্তিযোগ্য অপৰাধ।