অসমৰ  ড০ ৰীতা বড়োলৈ সাহিত্য অকাডেমিৰ বঁটা

Bodo writer Dr. Rita Baro from Assam gets Sahitya Akademi award
অসমৰ বাবে আজিৰ এটা সুখবৰ যে ৰাজ্যখনৰ দুগৰাকীকৈ বিশিষ্ট সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। অসমীয়া ভাষাৰ শিতানত অসমৰ বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই এই বছৰৰ সাহিত্য অকাডেমি বঁটা পোৱাৰ লগতে ড০ ৰীতা বড়োৱে বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। ড০ বড়োৱে তেওঁৰ বড়ো ভাষাত লিখা উপন্যাস থুইছাম (Thwisam) নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে বুলি এটা সূত্ৰই জানিবলৈ দিছে।
সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ ৰীতা বড়ো।
অতি মৰ্য্যাদাপূৰ্ণ বঁটাৰে বড়ো সাহিত্য তথা বড়ো সমাজলৈ এক আনন্দৰ খবৰ অনা ৰীতা বড়ো উপন্যাসখনৰ মূল কাহিনী হ’ল এজন চহিদৰ বিপথগামী পুত্ৰৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি। বিপথগামী পুত্ৰজনে দেউতাকৰ মৃত্যুৰ বাবে চৰকাৰে দিয়া এককালীন সাহায্য হিচাপে পোৱা টকাকেইটা মাকৰ পৰা বুধি কৰি সৰকোৱাৰ পিছত ঘৰ এৰি যায়। এই চৰিত্ৰটোক লৈয়ে চুটি উপন্যাসখনৰ কাহিনীভাগ আগ বাঢ়ে। উপন্যাসখন সন্দৰ্ভত লেখিকা গৰাকীয়ে কয় ‘মই মাথোঁ সমাজত ঘটি থকাবোৰৰহে উপস্থাপন কৰিছো। বিশেষকৈ মটৰচাইকেল আৰু অন্যান্য বিলাসী বস্তুৰ পিছত ঘূৰি ফুৰা বিপথগামী নতুন চামৰ কাৰ্য্যকলাপ দাঙি ধৰিব খুজিছো।’
বঁটা পোৱাৰ পিছত এন ই নাওৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কয়, ‘মই অতিশয় উৎফুল্ল।’ তেওঁ আৰু কয়, ‘এয়া হ’ল মোৰ সাহিত্য কৰ্মৰ প্ৰথমটো বৃহৎ স্বীকৃতি। সাহিত্য অকাডেমিৰ বঁটাই খুবেই সুখী কৰিছে। মই কেতিয়াও সাহিত্যিক হ’ম বুলি লিখা নাছিলো। লিখাটো মোৰ চখ আছিল। ইয়াৰ যোগেদি মই বহুত সুখ অনুভৱ কৰো।’
উল্লেখযোগ্য যে বঁটা প্ৰাপক ড০ বড়ো ওদালগুৰিৰ টংলা মহাবিদ্যালয় বড়ো সাহিত্যৰ অধ্যাপিকা। তেওঁ আন এখন উপন্যাস লিখাৰ কামত ব্যস্ত থকা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও ৰীতা বড়োৱে ওদালগুৰি বড়ো সাহিত্য সভাৰ পৰা মংগল চন্দ্ৰী ব্ৰহ্ম বঁটা লাভ কৰিছিল। ড০ বড়োৰ অকাডেমি বঁটা পোৱা উপন্যাসখন যোৱা ২০১৪ চনত প্ৰকাশ হৈ ওলাইছিল। তেওঁ আন তিনিখন উপন্যাসো লিখা বুলি জানিব পাৰি।
ড০ ৰীতা বড়োৰ জন্ম হৈছিল ১৯৭৫ চনৰ ২৮ আগষ্টত আৰু তেওঁ টংলা গাৰ্লছ হাই স্কুলৰ পৰা শিক্ষা লৈ টংলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। তেওঁ অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে স্নাতকোত্তৰ ডিগ্ৰী লৈছে।