NORTHEAST NOW (Assamese)

অসমৰ দৰে দিল্লী চৰকাৰকো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আহ্বান বিজেপিৰ

August 2, 2018 9:47 pm · ৰাজীৱ ৰয়
প্ৰতিনিধিত্বমূলক ছবি

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীৰ সভাপতি মনোজ তিৱাৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অবৈধভাৱে বাস কৰি অহা ৰহিঙীয়া আৰু অন্য বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়িত কৰাৰ বাবে দিল্লী চৰকাৰক আহ্বান জনাইছে।
তিৱাৰীয়ে দিল্লী চৰকাৰৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক এটা জৰীপ চলাই ৰাজধানী মহানগৰখনত অবৈধভাৱে বাস কৰি অহা ৰহিঙীয়া আৰু অন্য বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়িত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছেছ

তিৱাৰীয়ে দাবী কৰিছে যে ভাৰতৰ দুখীয়া লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।

তিৱাৰীয়ে আৰু কয় যে তেওঁলোকে এটা জৰীপ চলাই ৰাজধানী মহানগৰখনত কিমান অবৈধ নাগৰিক আছে তাৰ তথ্য সম্বলিত প্ৰতিৱেদন দিল্লী চৰকাৰৰ ওচৰত জমা দিব।

দিল্লী বিজেপিয়ে এই বিষয়ক মুখ্য মন্ত্ৰীলৈ এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ কয়।

এই ক্ষেত্ৰত গৃহ মন্ত্ৰ্যালয়লৈকেও জনোৱা হৈছে বুলি কৈ অবৈধ নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তিৱাৰীয়ে দিল্লীৰ কেজৰিৱাল চৰকাৰক আহ্বান জনায়।

তিৱাৰীয়ে আৰু কয় দিল্লীৰ কোন কোন এলেকাত অবৈধ নাগৰিক আছে সেই সম্পৰ্কত যে জিলা দণ্ডাধীশ, মহকুমা দণ্ডাধীশআৰু অন্যন্য বিষয়াবৰ্গ অৱগত, গতিকে এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাতো দিল্লী চৰকাৰৰ বাবে কোনো দুৰূহ কাম নহ’ব।

তিৱাৰীয়ে স্পষ্ট ভাষাৰে কয়, ‘‘আমাৰ দলে অবৈধ নাগৰিকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পক্ষপাতী নহয়। তেওঁলোকক তেওঁলোকৰ নিজস্ব দেশলৈ ওভোতাই পঠাব লাগে।।’’

Related News