কিছুদিন পূৰ্বে অসমক পৃথক কৰি দিয়াৰ আহ্বান জনাই সংসদ কপোঁৱা বিপিএফ দলৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ সুৰতে সুৰ মিলাই স্বাধীন অসমৰ দাবী তুলিলে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।
উল্লেখযোগ্য যে, নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ সাংসদ বিশ্বজিৎ দৈমাৰীক বীৰৰ সন্মান জনোৱা বুলি সদৰী কৰি কয়, ‘’খিলঞ্জীয়াসকলক মুক্ত পৰিবেশ এটা দিব লাগে। অসমত যদি ভাৰত চৰকাৰৰ ঔপনিবেশিক শাসনৰ অন্ত নপৰে তেন্তে দৈমাৰীয়ে সংসদত যিখিনি কথা উত্থাপন কৰিছে তেনেদৰেই অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা বিদায় দিয়ক।‘
তেওঁ লগতে ‘পূৰ্বেও অসম অকলশৰে আছিল’ বুলি মত পোষণ কৰাৰ উপৰিও কয়, ১৮২৬ চনৰ পিছত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত গ’ল তথা স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত ব্ৰিটিছৰ লগত আন্দোলনৰ চলেৰে অসম ভাৰতৰ অংগৰাষ্ট্ৰ হৈ পৰিল। অসমবাসীৰ কোনো সন্মতি নোহোৱাকৈয়ে আমি ভাৰতৰ এখন অংগৰাজ্য হৈ পৰিলো আৰু অসমৰ সমস্যাবোৰ বৃদ্ধি পাবলৈ ধৰিলে।‘
‘আজিৰ তাৰিখত অসম এখন চৰণীয়া পথাৰ, এই পথাৰত খিলঞ্জীয়াৰ বাহিৰে সকলোৰে অধিকাৰ আছে। গতিকে সময়ৰ দাবী হিচাপে স্বাধীন কৰি দিয়াৰ আমি দাবী তুলিছো।‘ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই দাবী কৰে বৈশ্যই।
ভাৰতৰ অংগৰাজ্য হিচাপে অসমলৈ বহিঃৰাজ্যৰ পৰা চাকৰিসুত্ৰে বা ব্যৱসায় সুত্ৰে বহুলোকে বসবাস কৰিবলৈ আহিব পাৰে, এইক্ষেত্ৰত তেওঁলোকে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘চাকৰি সুত্ৰে বা স্থায়ীভাবে বসবাস কৰা এই দুটা বেলেগ বেলেগ কথা। অসমৰ লোকসকলেও চাকৰিসূত্ৰে অন্য ৰাজ্য বা দেশলৈ যাব পাৰে, কিন্তু তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ যোৱা নাই।‘
তাৎপৰ্য্যপূৰ্ণভাৱে ‘প্ৰত্যেকৰে বাবে নিজৰ এখন গৃহ ভূমি আছে’ বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘পশ্চিমবংগ বাংলাভাষী সকলৰ বাবে আছে, তেনে ক্ষেত্ৰত মমতা বেনাৰ্জীয়ে অসমৰ বঙালী ভাষী লোকসকলৰ কাৰণে যি উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে, সেই কথা আমি কেতিয়াও সহ্য নকৰো।‘
আনহাতে, খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি নামি অহা সংকট মোচন কৰিবৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা হাতত ল’ব বুলি তেওঁ নৰ্থ ইষ্ট নাওঁক জানিবলৈ দিয়ে। তেওঁ লগতে কয়, ‘প্ৰয়োজন সাপেক্ষে ভাৰতৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ওচৰত আপত্তি দাখিল কৰিম।‘
ইয়াৰোপৰি তেওঁ সম্প্ৰতি এনআৰচিক কেন্দ্ৰ কৰি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক বঙালী নাইবা ভাৰতীয়ৰ নাম বাদ পৰা বুলি প্ৰৰোচনামূলক মন্তব্য নিদিবৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, ‘মমতা বেনাৰ্জীয়ে অসমক ৰক্তাক্ত কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই কাৰ্য্যক অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে আহ্বান জনাইছো।‘
আনহাতে, বৈশ্যই কয় যে নিজৰ নিজৰ একোখন গৃহভুমি থকাৰ পাছতো বঙালী, বিহাৰী, ৰাজস্থানী লোকসকলে খিলঞ্জীয়াৰ সৰলতাৰ সুযোগ লৈ লুন্ঠন চলাই থকা কাৰ্য্যক কঠোৰ হাতে দমন কৰাৰ সময় উপস্থিত হৈছেহি।
তেওঁ লগতে কয়, ‘জাতীয়তাবাদী শিবিৰৰ মূল দাবী আছিল যে ১৯৫১ চনৰ পাছত অহা বিদেশী-বহিৰাগত ৰাজ্যৰ পৰা অহা লোকসকলে অসম এৰি যাব লাগিব। বাংলাদেশৰ পৰা অসমলৈ যিমানখিনি মানুহ আহিছে তাতকৈ বেছি মানুহ বহিঃৰাজ্যৰ পৰা আহিছে। কিন্তু চুক্তি স্বাক্ষৰ কৰাৰ সময়ত বহিৰাগত ৰাজ্যৰ পৰা অহাসকলক বাহিৰ কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্য পালন কৰা নহ’ল। ১৯৫১ চনৰ ঠাইত ৭১ চন ভিত্তিবৰ্ষ মানি লোৱা বাবে তথা বহিৰাগত ৰাজ্যৰ পৰা অহা লোকসকলক বহিস্কাৰ কৰাৰ উদ্দেশ্যটো মানি নোলোৱাৰ বাবে পূৰ্বাঞ্চলীয় লোক পৰিষদে চুক্তিখন সাক্ষৰ নকৰিলে।‘
তাৎপয্যপূৰ্ণভাৱে এনআৰচি খনো বহিৰাগত ৰাজ্যৰ পৰা অহা মানুহৰ নামেৰেই ভৰ্তি হৈ থকা বুলি গুৰুতৰ অভিযোগ তোলে ৰাজকুমাৰ বৈশ্যই।
তেওঁৰ মতে ‘বিদেশী-বহিৰাগত মিলাই প্ৰায় ১ কোটি লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰিব লাগিছিল।‘
ইয়াৰোপৰি জাতীয়তাবাদৰ মূল লক্ষ্য হিচাপে অহা ১১ চেপ্তেম্বৰৰ ভিতৰত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে এখন দাবীপত্ৰ প্ৰকাশ কৰিব আৰু তাৰ পাছৰে পৰা তেওঁলোকে বিদেশী-বহিৰাগতৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।