এপ্ৰিলৰ পৰা অসমৰ ২০০০ খনতকৈও অধিক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ উপস্থিতি অনলাইনযোগে নিৰীক্ষণৰ ব্যৱস্থা হ’ব।
সৰ্বশিক্ষা অভিযানৰ ৰাজ্যিক কাৰ্য্যালয়ে জনোৱা মতে দৰং আৰু মৰিগাওঁ জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহক প্ৰথমে এই প্ৰক্ৰিয়াৰ মাজলৈ অনা হ’ব। এই অনলাইন ব্যৱস্থাই প্ৰশাসনিক কাম-কাজ চলোৱাৰ ক্ষেত্ৰটো সহায় কৰিব।
সৰ্বশিক্ষা অভিযান অসমৰ অৰুণা ৰাজৰিয়াই টাইমছ অৱ ইণ্ডিয়াক কয়, ‘ই শিক্ষকসকলৰ উপস্থিতিৰ হিচাপ ৰখা বায়’মেট্ৰিক যন্ত্ৰই কেৱল নহয়, প্ৰশাসনিক কাম-কাজ সহজ কৰি তুলিব পৰাকৈও ইয়াত বহুবিলাক সুবিধা সংলগ্ন কৰা হৈছে। এই গোটেই সুবিধাখিনি এটা টেবলেটত আগবঢ়োৱা হ’ব আৰু সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয়ৰ পৰাই তেওঁলোকৰ যাৱতীয় বিভাগীয় কাম-কাজ অনলাইনযোগে সম্পন্ন কৰিব পাৰিব আৰু ফলত তেওঁলোকৰ প্ৰশাসনিক কামৰ বোজা হ্ৰাস হ’ব।’