অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত থকা স্নাতকোত্তৰ পাঠ্যক্রমসমূহ

অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত বিভিন্ন বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। এই বিষয়ে তলৰ শিক্ষানুষ্ঠানবোৰত থকা বিষয়বোৰ উল্লেখ কৰা হৈছে।

অসম বিশ্ববিদ্যালয় (www.aus.ac.in):

‘অসম বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– ভাষাবিজ্ঞান (Linguistics), বাংলা (Bengali), হিন্দী (Hindi), মণিপুৰী (Manipuri), সংস্কৃত (Sanskrit), তুলনামূলক ভাৰতীয় সাহিত্য (Indian Comparative Literature), ইংৰাজী (English), আৰবিক (Arabic), ফৰাচী (French), অৰ্থনীতি (Economics), বাণিজ্য (Commerce), ৰাজনীতি বিজ্ঞান (Political Science), বুৰঞ্জী (History), সমাজতত্ব (Sociology), সমাজ সেৱা (Social Work), গণসংযোগ (Mass Communication), ভিজুৱেল আৰ্টচ (Visual Arts), দৰ্শন (Philosophy), শিক্ষা (Education), পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry), গণিত (Mathematics), কম্পিউটাৰ বিজ্ঞান (Computer Science), পৰিসংখ্যা বিজ্ঞান (Statistics), জীৱ বিজ্ঞান আৰু বায়’ ইনফৰ্মেটিক্স (Life Science & Bioinformatics), মাইক্ৰ’বায়’লজি (Microbiology), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান (Ecology & Environmental Science), কৃষি অভিযান্ত্ৰিক (Agriculture Engineering), প্ৰায়োগিক ভূ-বিজ্ঞান (Applied Geology), আইন (Law ), কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science and Engineering), লাইব্রেৰি ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science) আৰু ব্যৱসায় ব্যৱস্থাপনা (Business Administration)।

‘অসম বিশ্ববিদ্যালয়’ৰ ডিফু কেম্পাচত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– অসমীয়া (Assamese), নৃতত্ব (Anthropology), বাণিজ্য (Commerce), ইংৰাজী (English), বুৰঞ্জী (History), জীৱ বিজ্ঞান (Life Science), পদাৰ্থ বিজ্ঞান (Physics), ৰাজনীতি বিজ্ঞান (Political Science) আৰু ট্ৰাইবেল ষ্টাডিজ (Tribal Studies)।

বড়োলেণ্ড বিশ্ববিদ্যালয় (http://bodolanduniversity.ac.in):

‘বড়োলেণ্ড বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– অসমীয়া (Assamese), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), বড়ো (Bodo), উদ্ভিদ বিজ্ঞান (Botany), ৰসায়ন বিজ্ঞান (Chemistry), কম্পিউটাৰ এপ্লিকেচন (Computer Application), কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যা (Computer Science & Information Technology), কম্পিউটাৰ এপ্লিকেচন (Computer Applications), অৰ্থনীতি বিজ্ঞান (Economics), ইংৰাজী (English), বুৰঞ্জী (History), গণিত বিজ্ঞান (Mathematical Sciences), ব্যৱসায় ব্যৱস্থাপনা (Business Administration), পদাৰ্থ বিজ্ঞান (Physics), ৰাজনীতি বিজ্ঞান (Political Science), শিক্ষা (Education), ভূগোল (Geography) আৰু প্ৰাণীবিজ্ঞান (Zoology)।

কটন বিশ্ববিদ্যালয় (http://www.cottonuniversity.ac.in):

‘কটন বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– নৃতত্ব (Anthropology), আৰবিক (Arabic), অসমীয়া (Assamese), আৰ্কিঅ’ল’জি (Archaeology), বাংলা (Bengali), উদ্ভিদ বিজ্ঞান(Botany), ৰসায়ন বিজ্ঞান (Chemistry), কম্পিউটাৰ এপ্লিকেচন (Computer Applications), অৰ্থনীতি বিজ্ঞান (Economics), শিক্ষা(Education), ইংৰাজী (English), এনভাইৰনমেণ্টেল এণ্ড ৱাইল্ড লাইফ ছায়েন্স (Environmental and Wildlife Sciences), ভূগোল (Geography), ভূতত্ত্ব (Geology), হিন্দী (Hindi), বুৰঞ্জী (History), গণিত (Mathematics), ম’লিকুলাৰ বায়’লজী এণ্ড বায়’টে’কনলজি (Molecular Biology and Biotechnology), ফাৰ্চী (Persian), দৰ্শন (Philosophy), পদাৰ্থ বিজ্ঞান (Physics), ৰাজনীতি বিজ্ঞান (Political Science), সংস্কৃত (Sanskrit), পৰিসংখ্যা বিজ্ঞান (Statistics), সমাজ বিজ্ঞান (Sociology),ছাইক’লজি (Psychology) আৰু প্ৰাণীবিজ্ঞান (Zoology)।

ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in):

‘ডিব্ৰুগড় বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– নৃতত্ব (Anthropology), প্ৰায়োগিক ভূ-বিজ্ঞান (Applied Geology), পে’ট্ৰলিয়াম ভূ-বিজ্ঞান (Petroleum Geology), এক্সপ্লৰেচন জিঅ’ফিজিক্স (Exploration Geophysics), অসমীয়া (Assamese), ইংৰাজী (English), ৰসায়ন বিজ্ঞান (Chemistry), বাণিজ্য (Commerce), অৰ্থনীতি বিজ্ঞান (Economics), শিক্ষা (Education), বুৰঞ্জী (History), জীৱ বিজ্ঞান (Life Sciences), গণিত (Mathematics), পে’ট্ৰলিয়াম এক্সপ্ল’ৰেচন এণ্ড প্ৰডাকচন (Petroleum Exploration & Production), ফাৰ্মাচিউটিকেল ছায়েন্স (Pharmaceutical Sciences), পদাৰ্থ বিজ্ঞান (Physics), ৰাজনীতি বিজ্ঞান (Political Science), সমাজ বিজ্ঞান (Sociology), পৰিসংখ্যা বিজ্ঞান (Statistics), প্ৰায়োগিক মনোবিজ্ঞান (Applied Psychology), বায়’ইনফৰ্মেটিক্স (Bioinformatics), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), কম্পিউটাৰ এপ্লিকেচন (Computer Application), ভূগোল (Geography), গণসংযোগ (Mass Communication), আইন (Law), হিন্দী (Hindi), লাইব্রেৰি ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science), ব্যৱসায় ব্যৱস্থাপনা (Business Administration), পাৰফৰ্মিং আৰ্টচ (Performing Arts), দৰ্শন (Philosophy), ফিজিকেল এডুকেচন (Physical Education) আৰু সমাজ সেৱা (Social Work)।

গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in):

‘গুৱাহাটী বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– আৰবিক (Arabic), অসমীয়া (Assamese), বাংলা (Bengali), বড়ো (Bodo), অৰ্থনীতি বিজ্ঞান (Economic), বিজিনেচ ইকনমিক্স (Business Economics), শিক্ষা (Education), ইংৰাজী (English), ইংলিচ লেংগুৱেজ টিচিং (English Language Teaching ), ইউৰোপিয়ান ষ্টাডিজ (European Studies), হিন্দী (Hindi), বুৰঞ্জী (History), লাইব্রেৰি ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science), ভাষাবিজ্ঞান (Linguistics), ফাৰ্চী (Persian), দৰ্শন (Philosophy), ৰাজনীতি বিজ্ঞান (Political Science), মনোবিজ্ঞান (Psychology), সংস্কৃত (Sanskrit), সমাজ বিজ্ঞান (Sociology), ৱ’মেনছ ষ্টাডিজ (Women’s Studies), নৃতত্ব (Anthropology), উদ্ভিদ বিজ্ঞান(Botany), ৰসায়ন বিজ্ঞান (Chemistry), পৰিৱেশ বিজ্ঞান (Environmental Science), ভূগোল (Geography), ভূতত্ত্ব (Geology), গণিত (Mathematics), পদাৰ্থ বিজ্ঞান (Physics), পৰিসংখ্যা বিজ্ঞান (Statistics), প্ৰাণীবিজ্ঞান (Zoology), এনিমেল ইকলজি এণ্ড ৱাইল্ডলাইফ বায়’লজি (Animal Ecology & Wildlife Biology), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), কম্পিউটাৰ বিজ্ঞান (Computer Science), তথ্য প্ৰযুক্তিবিদ্যা (Information Technology), ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন টে’কনলজি (Electronics & Communication Technology), মাইক্রইলেকট্ৰনিক্স এণ্ড এডভানছড কমিউনিকেচন (Microelectronics and Advanced Communication) ,ইন্সট্ৰুমেন্টেশ্যন (Instrumentation), গণসংযোগ (Mass Communication), বাণিজ্য (Commerce), ব্যৱসায় ব্যৱস্থাপনা (Business Administration) আৰু আইন (Law )।

তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in):

‘তেজপুৰ বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল– কম্পিউটাৰ এপ্লিকেচন (Computer Application), ইংৰাজী (English), কালচাৰেল ষ্টাডিজ (Cultural Studies), সমাজ বিজ্ঞান (Sociology), গণসংযোগ আৰু সাংবাদিকতা (Mass Communication and Journalism), হিন্দী (Hindi), সমাজ সেৱা (Social Work), শিক্ষা (Education), আইন (Law), টুৰিজম এণ্ড ট্রেভেল মেনেজনেণ্ট (Tourism and Travel Management), ব্যৱসায় ব্যৱস্থাপনা (Business Administration), বাণিজ্য (Commerce), গণিত (Mathematics), ৰসায়ন বিজ্ঞান (Chemistry), পদাৰ্থ বিজ্ঞান (Physics), নেন’ছায়েন্স এণ্ড টেকনলজি (Nanoscience and Technology), পৰিৱেশ বিজ্ঞান (Environmental Science), ম’লিকুলাৰ বায়’লজি এণ্ড বায়’টেকনলজি (Molecular Biology and Biotechnology), তথ্য প্ৰযুক্তিবিদ্যা (Information Technology), ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি (Food Engineering and Technology), ইলেকট্ৰনিক্স ডিজাইন এণ্ড টেকনলজি (Electronics Design and Technology), বায়’ইলেকট্ৰনিক্স (Bioelectronics), এনাৰ্জি টেকনলজি (Energy Technology), পলিমাৰ ছায়েন্স এণ্ড টেকনলজি (Polymer Science and Technology), অসামৰিক অভিযান্ত্ৰিক (Civil Engineering) আৰু যান্ত্ৰিক অভিযান্ত্ৰিক (Mechanical Engineering)।

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় (http://www.kbvsasun.ac.in):

‘কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল- সংস্কৃত (সাহিত্য) [Sanskrit (Sahitya)], সংস্কৃত (বেদ অধ্যয়ন) [Sanskrit (Vedic Studies)], শিক্ষা (Education), ৰাজনীতি বিজ্ঞান (Political Science), অসমীয়া (Assamese) আৰু দৰ্শন (Philosophy)।

অসম মহিলা বিশ্ববিদ্যালয় (http://www.awu.ac.in):

‘অসম মহিলা বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল-অসমীয়া (Assamese), কালচাৰেল ষ্টাডিজ (Cultural Studies), অৰ্থনীতি বিজ্ঞান (Economics), ইংৰাজী (English), গণসংযোগ (Mass Communication), ৰাজনীতি বিজ্ঞান (Political Science), সমাজ বিজ্ঞান (Sociology), টুৰিজম মেনেজমেণ্ট (Tourism Management), কম্পিউটাৰ এপ্লিকেচন (Computer Application), ব্যৱসায় ব্যৱস্থাপনা (Business Administration) আৰু ফেচন ডিজাইন এণ্ড টেকন’লজি (Fashion Design and Technology)।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (http://www.mssv.co.in):

‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’ৰ নগাওঁ কেম্পাচত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল- অসমীয়া (Assamese), ইংৰাজী (English), সমাজ বিজ্ঞান (Sociology), শিক্ষা (Education), অৰ্থনীতি বিজ্ঞান (Economics), দৰ্শন (Philosophy), শংকৰদেৱ ষ্টাডিজ (Sankaradeva Studies) আৰু কম্পিউটাৰ এপ্লিকেচন (Computer Application)।

‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’ৰ গুৱাহাটী কেম্পাচত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল- অসমীয়া (Assamese), শিক্ষা (Education), ইংৰাজী (English), আইন (Law), সমাজ সেৱা (Social Work) আৰু যোগ বিজ্ঞান আৰু প্রাকৃতিক চিকিৎসা (Yogic Science & Naturopathy)।

অসমৰ মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ:

অসমৰ কেইখনমান মহাবিদ্যালয়তো বিভিন্ন বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। এইবোৰৰ কেইখনমান মহাবিদ্যালয় আৰু তাত অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল-

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (https://nlc.ac.in)ত অসমীয়া (Assamese), ৰাজনীতি বিজ্ঞান ( Political Science), গণসংযোগ (Mass Communication), ৰসায়ন বিজ্ঞান (Chemistry) আৰু ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন টেকন’লজি (Electronics & Communication Technology);

লক্ষীমপুৰ বালিকা মহাবিদ্যালয় ( http://lgcollege.ac.in)ত গাৰ্হস্থ্য বিজ্ঞান (Home science);

বি বৰুৱা কলেজ (http://www.bborooahcollege.co.in)ত উদ্ভিদ বিজ্ঞান (Botany), ৰসায়ন বিজ্ঞান (Chemistry) আৰু প্ৰাণীবিজ্ঞান (Zoology);

বজালী মহাবিদ্যালয় (http://www.bajalicollege.ac.in)ত প্ৰাণীবিজ্ঞান (Zoology), ভূগোল (Geography), অসমীয়া (Assamese) আৰু গণিত (Mathematics);

সন্দিকৈ ছোৱালী মহাবিদ্যালয় (http://www.hgcollege.org)ত অসমীয়া (Assamese), উদ্ভিদ বিজ্ঞান (Botany) আৰু প্ৰাণীবিজ্ঞান (Zoology);

আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় (http://adpcollege.ac.in)ত অসমীয়া (Assamese) আৰু হাৰ্বেল ছায়েন্স এণ্ড টেকন’লজি (Herbal Science and Technology);

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (http://www.avcollege.ac.in)ত গণিত (Mathematics) আৰু ৰসায়ন বিজ্ঞান (Chemistry);

বি এইছ কলেজ (http://bhcollege.in/)ত বাণিজ্য (Commerce);

বঙাইগাওঁ মহাবিদ্যালয় (http://www.bongaigaoncollege.ac.in/)ত ইংৰাজী (English);

দৰং মহাবিদ্যালয় (http://www.darrangcollege.in)ত অসমীয়া(Assamese), প্ৰাণীবিজ্ঞান (Zoology) আৰু উদ্ভিদ বিজ্ঞান (Botany);

দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয় (http://www.dkdcollege.ac.in)ত অৰ্থনীতি বিজ্ঞান (Economics);

ডিমৰীয়া মহাবিদ্যালয় (http://www.dimoriacollege.org)ত অসমীয়া (Assamese), অৰ্থনীতি বিজ্ঞান (Economics), পৰিৱেশ ব্যৱস্থাপনা (Environment Management ) আৰু ইক’-ৰেছটোৰেচন (Eco-Restoration);

জাগীৰোড মহাবিদ্যালয় (http://www.jagiroadcollege.co.in)ত টুৰিজম মেনেজমেণ্ট (Tourism Management);

জগন্নাথ বৰুৱা মহাবিদ্যালয় (http://www.jbcollege.org.in)ত ভূগোল (Geography), দৰ্শন (Philosophy), অসমীয়া (Assamese), ৰাজনীতি বিজ্ঞান (Political Science) আৰু বাণিজ্য (Commerce);

নগাওঁ মহাবিদ্যালয় (www.nowgongcollege.edu.in)ত অসমীয়া (Assamese), উদ্ভিদ বিজ্ঞান (Botany) আৰু বুৰঞ্জী (History), ৰসায়ন বিজ্ঞান (Chemistry), দৰ্শন (Philosophy), ইংৰাজী (English) আৰু শিক্ষা (Education);

প্রাগজ্যোতিষ মহাবিদ্যালয় (http://www.pragjyotishcollege.org.in/)ত অসমীয়া (Assamese) আৰু টুৰিজম মেনেজমেণ্ট (Tourism Management);

বিকালী কলেজ (http://bikalicollege.org)ত অসমীয়া (Assamese) আৰু ভূগোল (Geography);

যোৰহাট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজি (http://jist.ac.in)ত গণিত (Mathematics), পদাৰ্থ বিজ্ঞান (Physics) আৰু ৰসায়ন বিজ্ঞান (Chemistry);

বি এন কলেজ (http://bncollege.org.in)ত অসমীয়া (Assamese) আৰু ৰসায়ন বিজ্ঞান (Chemistry);

দেবৰাজ ৰয় মহাবিদ্যালয় (http://www.drcollege.ac.in)ত জীৱ বিজ্ঞান (Life Sciences);

দক্ষিণ কামৰূপ মহাবিদ্যালয় (http://dkcollegeonline.in)ত অসমীয়া (Assamese);

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (http://www.dkgirlscollege.org)ত অসমীয়া (Assamese);

মঙলদৈ মহাবিদ্যালয় (http://www.mangaldaicollege.org)ত অসমীয়া (Assamese) আৰু কম্পিউটাৰ এপ্লিকেচন (Computer Application);

পাণ্ডু মহাবিদ্যালয় (http://www.panducollege.org)ত প্ৰাণীবিজ্ঞান (Zoology), শিক্ষা (Education) আৰু অসমীয়া (Assamese);

শিৱসাগৰ মহাবিদ্যালয় (http://www.sibsagarcollege.in)ত ইংৰাজী (English) আৰু পদাৰ্থ বিজ্ঞান (Physics);

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় (http://sibsagarcommercecollege.org.in)ত বাণিজ্য (Commerce);

গোলাঘাট বাণিজ্য মহাবিদ্যালয় (http://golaghatcommercecollege.edu.in)ত বাণিজ্য (Commerce);

গুৱাহাটী বাণিজ্য মহাবিদ্যালয় (http://www.gauhaticommercecollege.in)ত বাণিজ্য (Commerce) আৰু ব্যৱসায় ব্যৱস্থাপনা (Business Administration);

কে’ চি দাস বাণিজ্য মহাবিদ্যালয় (http://www.kcdccollege.com)ত বাণিজ্য (Commerce);

নলবাৰী বাণিজ্য মহাবিদ্যালয় (http://www.nalbaricommercecollege.ac.in)ত বাণিজ্য (Commerce);

কলিয়াবৰ মহাবিদ্যালয় (http://www.kaliaborcollege.org)ত বাণিজ্য (Commerce);

দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয় (http://www.dkdcollege.ac.in)ত অৰ্থনীতি বিজ্ঞান (Economics);

খাগৰিজান মহাবিদ্যালয় (http://khagarijancollege.co.in)ত অসমীয়া (Assamese);

ছিপাঝাৰ মহাবিদ্যালয় (http://www.sipajharcollege.org)ত অসমীয়া (Assamese);

ডিগবৈ মহাবিদ্যালয় (http://www.digboicollege.com/)ত পদাৰ্থ বিজ্ঞান (Physics)।

এই শিক্ষানুষ্ঠানবোৰৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰৰ ৱেবছাইটত চাব পাৰে। নাম ভৰ্তিৰ বাবে বাতৰি কাকতত বিজ্ঞাপন প্রকাশ হয়।

(লেখক গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজিৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক। তেখেতৰ ম’বাইল নম্বৰ: ৯৪৩৫১৮৮৬৩০ আৰু ই মে’ইল: buljit@gmail.com)