অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নভ’টেল গুৱাহাটীত বিহু উদযাপন

শনিবাৰে সন্ধিয়া নভ’টেল গুৱাহাটীৰ আছুতীয়া গৃহত আয়োজন কৰা হয় এক আকৰ্ষণীয় বিহু অনুষ্ঠানৰ। এই বিহু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে আৰু অসমৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

১৬০ কোটি টকা বিনিয়োগেৰে গুৱাহাটীস্থিত দুই কৰ্পোৰেট হাউছ এছএম গ্ৰূপ আৰু জেডিবি গ্ৰূপে নভ’টেলক প্ৰম’ট কৰিছে।

সোণোৱাল আৰু শৰ্মাৰ উপৰি এই বিশাল অনুষ্ঠানটোত আন কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, আমোলা, সংবাদ মাধ্যমৰ ব্যক্তিত্ব, সুপৰিচিত ব্যৱসায়ী আৰু মহানগৰীৰ আন নাগৰিক উপস্থিত আছিল। অনুষ্ঠানত বিহু প্ৰদৰ্শনৰ লগতে বিশিষ্ট ব্যক্তিৰ ভাষণ আৰু সামৰণিত এক বহু ব্যঞ্জন সমৃদ্ধ নৈশ আহাৰৰ আয়োজন কৰা হয়।

নভ’টেল গুৱাহাটী ভাৰতত এখন আগশাৰীৰ হোটেল সংগঠনৰ ৫৪ নং হোটেল আৰু ইউৰোপীয় আতিথ্য সমৃদ্ধ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমখন হোটেল। ২০১৭ চনত স্থাপিত এই হোটেলখন গুৱাহাটীৰ মাজমজিয়াৰ বাণিজ্যিক অঞ্চলত অৱস্থিত।  জি এছ ৰোডত অৱস্থিত হোটেলখন বিনোদন আৰু ব্যৱসায়িক ভ্ৰমণকাৰীৰ বাবে অতি সুবিধাজনক।

জানিব পৰা মতে নভ’টেল গুৱাহাটীত ১১৮ টা অত্যাধুনিক সা-সুবিধাযুক্ত কোঠা তথা চুইট আছে য’ত পঞ্চ তাৰকাৰ সুবিধাসমূহ উপলব্ধ। হোটেলখন ভ্ৰমণকাৰী তথা স্থানীয় লোকসকলৰ বাবে মহানগৰীত মিলিত হোৱাৰ বাবে এখন অতি আকৰ্ষণীয় স্থান।

অনুষ্ঠানত ভাষণ দি  এছএম-জেডিবি ৰ অধ্যক্ষ এছ কে জাম আৰু পৰিচালন সঞ্চালক শিৱাজী প্ৰসাদ জয়ছোৱালে কয়, ‘’ বিহুৰ আনন্দৰ মুহূৰ্তত আমাৰ এই স্থানত এনেধৰণৰ বিশিষ্ট অতিথিক আদৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছো।‘’

গ্ৰূপটোৰ অধ্যক্ষ  এছ কে জাম আৰু এছএম গ্ৰূপ তথা জেডিবি গ্ৰূপৰ প্ৰম’টাৰসকলে অঞ্চলটোৰ জনসাধাৰণে মহানগৰীৰ কেন্দ্ৰস্থলত অৱস্থিত ইউৰোপীয় আতিথ্যৰ হোটেলখনৰ অভিজ্ঞতা লাভ কৰাত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হ’বলৈ নিদিয়ে বুলি সদৰি কৰে।

‘’ নভ’টেল গুৱাহাটীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ১০০০ তকৈয়ো অধিক লোকক সংস্থাপন আগবঢ়াইছে,’’- অধ্যক্ষগৰাকীয়ে কয়।