অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ দিৰাক চেকপোষ্টত কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ লোকৰ ওপৰত সন্দহজনক আলফা(স্বা)ৰ সদস্যই অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰাৰ পিছত অঞ্চলটোত এতিয়া আতংকই বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলটোতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ২৬ মাৰ্চত আক্ৰমণটো সংঘটিত কৰাৰ পিছত নামচাই আৰু অৰুণাচল-অসম সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীক সাম্ভাব্য আক্ৰমণ প্ৰতিৰোধ কৰাৰ সষ্টম কৰি তোলা হৈছে।
স্থানীয় সূত্ৰৰ মতে অৰুণাচলৰ ফালৰ মাধৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিতপানি এলেকাৰ পৰা অহা দুজন সসস্ত্ৰ বাইক আৰোহীয়ে নিৰস্ত্ৰ নিৰাপত্তাৰক্ষীসকলৰ ওপৰত প্ৰায় ৫মিনিট ধৰি গুলিচালনা কৰে আৰু আন্ধৰৰ সুযোগ লৈ পলাই যায়।
চেকপোষ্টত নিয়োজিত চি আৰ পি এফৰ সূত্ৰত প্ৰকাশ যে শূন্যলৈ ছিংগল শ্বট লান্সাৰ আৰু অন্য উন্নত মাৰণাস্ত্ৰৰ পৰা কেইবা ৰাউণ্ড গুলিৰে প্ৰত্যুত্তৰ দি তেওঁলোক কথমপি সাৰি যাবলৈ সক্ষম হয়। অৰুণাচলৰ এজন চি আৰ পি এফ পৰিদৰ্শকে কয়, ‘ওচৰৰ গছ আৰু চেকপোষ্টৰ দেৱাল ক্ষতিগ্ৰস্ত কৰা গুলিসমূহৰ পৰা জানিব পাৰি যে উগ্ৰপন্থীয়ে আমাক লক্ষ্য কৰি গুলি চলাইছিল।‘
গুলি চালনাৰ ঘটনাত কোনো লোক আহত হোৱা নাই যদিও দুয়োখন ৰাজ্যৰ সীমাৰ কাষত বাস কৰা কাকপথাৰ আৰু চিতপানি এলেকাৰ সমীপৱৰ্তী এলেকাৰ লোকসকল এতিয়াও আতংকগ্ৰস্ত।
আক্ৰমণৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে ঠাইখিনি ঘেৰি লয় আৰু ঘটনাস্থলীৰ পৰা তেওঁলোকে কেইটামান আণ্ডাৰ-বেৰেল গ্ৰেনেড লান্সাৰ আৰু ইনছাছ ৰাইফলৰ খালি কেছ লাভ কৰে।
ইতিমধ্যে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই সন্দেহ প্ৰকাশ কৰিছে যে কূটাঘাতৰ মনোবৃত্তিৰে অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া-চাংলাং আৰু নামচাই জিলাৰ নিকটৱৰ্তী স্থানত বাহৰ পাতি থকা ৰূপম অসম আৰু টাইগাৰ অসমৰ নেতৃত্বত ৬জনীয়া আলফা সদস্যৰ এটা গোটে এই আক্ৰমণটো সংঘটিত কৰিব পাৰে। তেওঁৰ মতে পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা গোটোৱে ম্যানমাৰৰ পৰা অৰুণাচলৰ নিৰাপদ পথটোৰে আহি অসমৰ প্ৰৱেশ কৰি কূটাঘাট কৰাৰ বাবে উত্ৰাবল হৈ আছে।
মহন্তই আৰু কৈছে যে অসম-অৰুণাচল সীমান্তৰ ওচৰে পাঁজৰে আলফাৰ এই গোটটো ঘূৰা-ফিৰা কৰি আছে আৰু এলেকাটোৰ আইন-কানুনজনিত পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সুযোগৰ অপেক্ষাত আছে।
আনহাতে, বৰডুমছা কঠালগুৰি এলেকাৰ এটা সূত্ৰই জনাইছে যে সশস্ত্ৰ আলফা সদস্যৰ এটা গোটে ওচৰৰে চাহ বাগিচা এলেকাত মুক্ত বচৰণ কৰি আছে।