• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসম-অৰুণাচল সীমান্তৰ নামচিকত সন্দেহযুক্ত উগ্ৰপন্থীয়ে জ্বলাই দিলে অইল ইণ্ডিয়াৰ ৮খনকৈ তেলভৰ্তি ট্ৰাক

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 16, 2018 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আবেলি সংঘটিত এটা অভাৱনীয় কূটাঘাতমূলক ঘটনাত অসম-অৰুণাচল সীমান্তৰ নামচিক অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে অইল ইণ্ডিয়াৰ ৮খনকৈ তেল ভৰ্তি ট্ৰাক জ্বলাই দিয়ে। জানিব পৰা মতে ট্ৰাককেইখন অৰুণাচল প্ৰদেশৰ খৰচাংৰ পৰা ডিগবৈলৈ আহি আছিল। গাড়ীকেইখনে অৰুণাচলৰ সীমান্ত চকী পাৰ হোৱাৰ পিছতে অসমৰ সীমাৰ ভিতৰৰ নামফাই সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ নামচিকত এই ঘটনাটো ঘটে। ঘটনাত এন এছ চি এনৰ (খাপলাং) সদস্য জড়িত থকাৰ সন্দেহ কৰা হৈছে।

আগন্তুক গণতন্ত্ৰ দিৱসৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই বৃহৎ তাৎপৰ্য্য বহন কৰিছে। অইলৰ ইণ্ডিয়াৰ ইষ্টাৰ্ন প্ৰডিউচিং এৰিয়া কাৰ্য্যালয়ৰ পৰা জনোৱা এক সূত্ৰমতে অচিনাক্ত দুস্কৃতিকাৰীয়ে ন-খন খাৰুৱা তেলভৰ্তি ট্ৰাকত জুই লগাই দিয়ে। সূত্ৰটোৱে কোৱা মতে এই ঘটনাত জনসম্পদৰ ক্ষয়-ক্ষতি, অৰ্থাৎ হাতহতৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Apply Now

উল্লেখযোগ্য যে যোৱা কেইবা মাহৰ পৰা অসম-অৰুণাচল সীমান্তৰ অঞ্চলত আলফাৰ ধনদাবী, অপহৰণ তথা কূটাঘাতমূলক কাৰ্য অব্যাহত ৰাখিছে। যদিও যোৱা দুমাহ মানৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা কেন্দ্ৰৰ নিৰাপত্তা বিষয়াই অসমত এতিয়া শান্তি বিৰাজ কৰিছে বুলি দাবী কৰি আহিছে, আলফাই নিয়মীয়াকৈ বিভিন্ন কূটাঘাতমূলক কাৰ্য্য অবাধে চলাই গৈছে।

আজি প্ৰায় এমাহ পূৰ্বে অসম-অৰুণাচল সীমান্তৰ পৰা আলফাই এজন ব্যৱসায়ীৰ পুত্ৰ অৰ্ণৱ ফুকনক অপহৰণৰ ঘটনা, তাৰ মাত্ৰ কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ ডিৰাক বৰডুমচাৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ কথা এই প্ৰসংগত মনত পেলাব পাৰি।

‘আমি এই অনাকাংক্ষিত ঘটনাটোত হতভম্ভ হৈছো আৰু এইটো বিনা মেঘে বজ্ৰপাত কৰাৰ দৰে ঘটনা।’ অইল ইণ্ডিয়াৰ ইষ্টাৰ্ন প্ৰডিউচিং এৰিয়া  বিষয়া ডি চাওলিয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লগতে কয়, ‘আমি এই ঘটনাৰ পূৰ্বে কোনো ব্যক্তি বা দল বা গোটৰ পৰা কোনো ধৰণৰ ভাবুকি বা কোনো ধৰণৰ অবাঞ্ছিত ধৰণৰ যোগাযোগ লাভ কৰা নাছিলো।’ বিষয়াজনে কয়।

উল্লেখযোগ্য যে ঘটনাস্থলৰ পথৰ দুয়োকাষ আছে ঘন সেউজীয়া হাবি, যাৰ ফলত যিকোনো কূটাঘাত সংঘটিত কৰি দুষ্কৃতিকাৰী সহজে পলাই যাব পাৰে।

উল্লেখযোগ্য যে যোৱা মাহত টিকক খনিতো এন এছ চি এনৰ এটা দলে কেইবাখনো বাহনত জুই লগাই দিছিল। আনহাতে আজি এই ঘটনাটোৰ অলপ আগেয়ে প্ৰায় ১.৩০ বজাত এন এছ চি এনৰ এজন সদস্য বিষ্ণু ভূজেলক (Vishnu Bhujal) অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে এই প্ৰতিবেদন লিখালৈকে জাগুন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

আনহাতে শেহতীয়া খবৰ মতে ঘটনাটোত ড্ৰাইভাৰ বা হেন্দিমেন বা আন কোনো লোক হতাহত হোৱা নাই।

 

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd