অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ বাবে তিনিখন জিলাৰ চূড়ান্ত তালিকা ঘোষণা : মুঠ প্ৰাৰ্থী ১৩৮৬ জন

Constable

আজ সন্ধিয়া ৫ বজাত ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ বাবে লোৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল। আজি ৰাজ্যৰ তিনিখন জিলা, বৰপেটা, ধুবুৰী আৰু নগাৱঁৰ প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা বিভাগটোৰ ৱেবছাইটযোগে ঘোষণা কৰা হয়।

অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে এই উপলক্ষে এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অধ্যক্ষ প্ৰদীপ কুমাৰে জানিবলৈ দিয়া অনুসৰি এই তিনিখন জিলাৰ মুঠ ১৩৮৬গৰাকী প্ৰাৰ্থীয়ে কনিষ্টবল পদত নিযুক্তিৰ বাবে যোগ্যতাৰে নিৰ্বাচিত হৈছে। ইয়াৰে ১২৪৯ গৰাকী পুৰুষ আৰু ১৩৭ গৰাকী মহিলা। এইসকলক সশস্ত্ৰ শাখাৰ কনিষ্টবল হিচাপে নিযুক্তি দিয়া হ’ব।

লগতে অধ্যক্ষজনে জনায় যে ধুবুৰী আৰু বৰপেটা জিলাত উপযুক্ত সংখ্যক এছ টি (পাৰ্বত্য)ৰ প্ৰাৰ্থী নথকা বাবে ৪০ টা সংৰক্ষিত পদৰ ৩৪টাই খালী হৈ ৰয়। তাৰ বিপৰীতে নগাঁও জিলাৰ মুঠ ৩৮ টা এছ টি (পাৰ্বত্য) পদৰ আটাইকেইটাতে প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

আনহাতে, অধ্যক্ষ প্ৰদীপ কুমাৰে এই কথাও জানিবলৈ দিয়ে যে ৰাজ্যিক বন বিভাৰ গঁড় সুৰক্ষা বাহিনীৰ ৯০টা পদৰো আজি ফলাফল ঘোষণা কৰা হৈছে। নিৰ্বাচিতসকলৰ ৮১ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা বুলি জানিব পৰা গৈছে।

উক্ত সংবাদ মেলতে অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে মহিলাৰ সৰহ সংখ্যকে লিখিত পৰীক্ষাত উত্তীৰ্ণ হয় যদিও শাৰীৰিক পৰীক্ষাত প্ৰায়খিনিয়ে উত্তীৰ্ণ হ’ব নোৱাৰিলে। গতিকে পুৰুষৰ তুলনাত অসম আৰক্ষীত মহিলা আৰক্ষীৰ সংখ্যা কম।

‘যোৱা কেইদিনমান পূৰ্বে অনুষ্ঠিত হোৱা মহিলা উপ-আৰক্ষী পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত ১০৪টা পদৰ মাত্ৰ ৪০টা পদৰ বাবেহে প্ৰাৰ্থী নিৰ্বাচিত হৈছে। বাকী ৬৪টা অসম্পূৰ্ণ হৈ ৰৈছে।‘ –এইদৰে কয় অধ্যক্ষ প্ৰদীপ কুমাৰে।

আনহাতে অধ্যক্ষ প্ৰদীপ কুমাৰে কয় যে পুনৰ আৰক্ষী আৰু বন বিভাগ মিলাই মুঠ ৫৬২৪টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰে ১৮৫১টা য়ু বি কনিষ্টবল, ৩৬৪৩ টা এ বি কনিষ্টবল, ৫২৫টা বন বিভাগৰ ১৩৫ টা জেইল বিভাগ আৰু ১৪৫ টা এ আই এছ এফৰ।

ইতিমধ্যে ফৰেষ্ট গাৰ্ডৰ বাবে ১,৩৮,৮৪৩ জনে অনলাইন আবেদন কৰিছে আৰু বাকী পদসমূহৰ বাবেও এসপ্তাহৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে। এই পদসমূহৰ ২৭ শতাংশ অন্যান্য পিছপৰা সকলৰ বাবে, ১০ শতাংশ এছ টি (ভৈয়াম) আৰু ৫ শতাংশ এছ টি (পাৰ্বত্য) আৰু বাকী ৭ শতাংশ এছ চি পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত। ইয়াৰোপৰি তেওঁ জনায় যে ৰাজ্যৰ ৮০টা সন্ত্ৰাস জৰ্জৰ এলেকাৰ আৰক্ষী থানাত এই পদবিলাকৰ দ্বাৰা নিযুক্ত কনিষ্টবলসকলৰ ১০ শতাংশ ভগাই দিয়া হ’ব।

লক্ষণীয় যে ধুবুৰীত কনিষ্টবল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত তেওঁ কয় যে ২০১৫ চনত অনুষ্ঠিত হোৱা কনিষ্টবলৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িতসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই পৰীক্ষা পুনৰ যোৱা ২৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত কৰা হ’ল। ইতিমধ্যে ধুবুৰীৰ জুলফিকাৰ আলী নামৰ পৰীক্ষাৰ্থী গৰাকীক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা হৈছে। সেই পৰীক্ষাৰ্থী গৰাকীয়ে আণ্ডাৰপেণ্টৰ ভিতৰত ম’বাইল ফোন লৈ গৈছিল আৰু সেই ম’বাইল ফোনেৰে ফটো তুলি প্ৰশ্ন কাকতখন নিজৰ ককায়েকলৈ প্ৰেৰণ কৰিছিল।‘

অধ্যক্ষজনে কয় যে এই পৰীক্ষাৰ ফলাফল আৰু প্ৰাৰ্থী নিৰ্বাচন সম্পূৰ্ণ যোগ্যতা ভিত্তিক আৰু ভবিষ্যতেও সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্তভাৱে নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়া হ’ব।