এডভান্টেজ আছামে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে, বিশেষকৈ গুৱাহাটীবাসীৰ বাবে বহু অসুবিধাৰ সৃষ্টি কৰিছে।
গুৱাহাটীৰ অসহায় নাগৰিকসকলে বৰ্তমান চলি থকা বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বিদ্যালয়সমূহ বন্ধ কৰিবলৈ বাধ্য কৰাৰ পিছত শুকুৰবাৰে বিদ্যালয়ৰ পৰা উভতি অহা ছাত্ৰ-ছাত্ৰীসকলে সৰু সজাই ষ্টেডিয়ামৰ ওচৰত তীব্ৰ যানজঁটৰ সন্মুখীন হৈ যাতনা ভূগিবলগীয়া হৈছিল। সন্মিলন উদ্বোধনৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত নিৰাপত্তা ব্যৱস্থাৰ অজুহাতত এইদৰে বিদ্যাৰ্থীসকলে ভোকে পিয়াহে অথন্তৰ হৈছিল।
প্ৰধানমন্ত্ৰী মোডী অনুষ্ঠানটোত থকা সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল আৰু জনসাধাৰণে যাতায়তৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছিল।
আনকি যান বাহনৰ চলাচল মুকলি কৰি দিয়াৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহনৰ অভূতপূৰ্ব যানজঁটে সাধাৰণ নাগৰিকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছিল।
সৰ্বানন্দ সোণোৱাল চৰকাৰে সাধাৰণ নাগৰিকক অসুবিধা দিবলৈ ৰাজ্যখনলৈ বিনিয়োগ আমন্ত্ৰণ কৰিছে নেকি?
ইয়াতেই শেষ নহয়, বেলতলাৰ প্ৰাচীন পৰম্পৰাগত বজাৰখনত দেওবাৰে বজাৰখনৰ খুচুৰা ব্যৱসায়ীসকলৰ উপাৰ্জন বন্ধ কৰি বজাৰখন স্তব্ধ কৰি পেলোৱা হৈছে।
এই বজাৰখন পৰম্পৰাগতভাৱে ফলমূল আৰু শাক পাচলিৰ বজাৰ। ইয়াত বিভিন্নধৰণৰ স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰী পোৱা যায়।
এইখন মেঘালয়ৰ খাচী পাহাৰৰ পৰা অহা লোকৰ আৰু স্থানীয় ব্যৱসায়ীৰ মাজত গঢ় লৈ উঠা এখন প্ৰাচীন তথা পৰম্পৰাগত বজাৰ।
বৃহস্পতিবাৰ আৰু দেওবাৰে –সপ্তাহত মাত্ৰ দুদিন অনুষ্ঠিত এই বৃহৎ বজাৰখনত বেছিভাগ জনজাতি লোক আৰু গ্ৰাম্য খুচুৰা ব্যৱসায়ীয়ে ব্যৱসায় কৰে।
দেওবাৰে বন্ধবাৰ হোৱা বাবে ব্যৱসায়ৰ ফাল পৰা গুৰুত্বপূৰ্ণ দিন আৰু তাকো বহু কোটি টকীয়া বাণিজ্য সন্মিলনলৈ চাই চৰকাৰে উৎসাহিত নকৰিলে।
সাধাৰণতে প্ৰতিটো দেওবাৰে গিজগিজাই থকা গোটেই বজাৰখন এই দেওবাৰটোত নিমাওমাও হৈ আছে।
আগতীয়াকৈ বন্ধৰ জাননী নোপোৱা বাবে খুচুৰা ব্যৱসায়ীসকল বিপাঙত পৰাৰ লগতে অসহায় হৈ পৰিছে।
আনকি দেওবাৰে বজাৰ কৰিব বুলি কৰ্মদিনত বজাৰ কৰাৰ সুবিধা নোপোৱা চাকৰিয়াল ক্ৰেতাসকলেও কৌতুহলেৰে পৰিস্থিতিটো লক্ষ্য কৰা দেখা গ’ল।
এই ক্ষতিৰ বাবে চৰকাৰে ক্ষতিপূৰণ দিবনে? চৰকাৰে বৃহৎ বিনিয়োগৰ বাবে খুচুৰা ব্যৱসায়ীসকলক জলাঞ্জলি দিছে নেকি?
ইয়াৰ বিপৰীতে বহুতে অনুভৱ কৰে যে ৰাজ্য চৰকাৰে বিশ্ব বিনিয়োগ সন্মিলনলৈ অহা প্ৰতিনিধি সকলক পৰম্পৰাগত বজাৰখন দেখুৱাব পাৰিলেহেঁতেন কিয়নো এই প্ৰাচীন বজাৰখন ইয়াৰ বৈচিত্ৰ্য তথা ঐতিহাসিক গুৰুত্বৰ বাবে পৰিচিত।