অসম চৰকাৰৰ ৯টা নৌ বন্দৰ উপনগৰী নিৰ্মাণৰ পৰিকল্পনা: চন্দ্ৰ মোহন পাটোৱাৰী

চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদমেল

চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদমেল

অসম চৰকাৰে বগীবিল, নিমাতীঘাট, পাণ্ডু, শিলচৰ, কৰিমগঞ্জ, শিলঘাট, কমলাবাৰী, ধুবুৰী আৰু যোগীঘোপা আদি ৯টা স্থানক নৌ বন্দৰ উপনগৰীলৈ উন্নিত কৰাৰ সিদ্ধান্ত লৈছে।

আজি এক সংবাদমেলত এই কথা ঘোষণা কৰি ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়,’ যোগীঘোপাক এক বহুমুখী বন্দৰ উপনগৰী হিচাপে গঢ়ি তোলা হ’ব। উক্ত প্ৰকল্প সমূহৰ কাৰণে চৰকাৰে ইতিমধ্যে ১,১০০ কোটি টকা মোকলাই দিছে।’

ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি মন্ত্ৰীজনে কয় যে জুলাই মাহৰ ভিতৰত বৰাক নৈৰ খনন সম্পূৰ্ণ হৈ উঠিব।

ইয়াৰ মাজতে মন্ত্ৰীজনে ৰাজ্যখনৰ ৰিফাইনেৰি সমূহৰ বাবে গেছ পাইপলাইন নিৰ্মাণৰ উপৰত জোৰ দিয়ে।

উল্লেখযোগ্য যে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ‘এডভাণ্টেজ আছাম’ সন্মিলনৰ বাবে অসম চৰকাৰে ১২টা মুখ্য ক্ষেত্ৰ চিনাক্ত কৰিছে, বন্দৰ উপ-নগৰী নিৰ্মাণ ইয়াৰে এটা।

সন্মিলনখনৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দি পাটোৱাৰীয়ে কয় যে সন্মিলনত অংশগ্ৰহণৰ উদেশ্যে ৪,৮০০ লোকে পঞ্জীয়ন কৰিছে।

তেওঁ লগতে কয়,’৪,৪০০ বৰ্গ মিটাৰ এলেকাজুৰি ব্যাপ্ত সন্মিলনস্থলীত ২৫টা ভিন্ন বিষয়ক পেভিলিয়ান নিৰ্মাণ কৰা হ’ব। ইয়াত এখন প্ৰদৰ্শনস্থলি থাকিব য’ত ২৫খন ষ্টল স্থাপন কৰা হ’ব।’

ভাৰত তথা বিদেশৰ প্ৰায় ২,৫০০ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা থকা সন্মিলনখনত বাংলাদেশ, ভুটান, কমব’দিয়া, লাও পিডিআৰ, ম্যানমাৰে ভাগ লোৱাৰ কথা।ইয়াৰ উপৰি চেক গণৰাজ্য, জাৰ্মানী, জাপান, আৰু নেপালক ভাৰতত থকা দেশকেইখনৰ দুতাবাসে প্ৰতিনিধিত্ব কৰিব।

প্ৰধানমন্ত্ৰীৰ উপৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা থকা উক্ত সন্মিলনখনৰ আয়োজনে ৰাজ্যখনলৈ বিনিয়োগকাৰিক আকৰ্ষিত কৰাৰ লগতে নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।