• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰীসকলৰ সৈতে বিধানসভাৰ অধ্যক্ষৰ বৈঠক; অচলাৱস্থা আঁতৰিল

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
April 10, 2018 10:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মহিলা বিশ্ববিদ্যালয়ৰ বিষয়টোত এটা গুৰুত্বপূৰ্ণ মোৰ দি আজি অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ মৰ্য্যাদা বাতিল কৰিবলৈ ওলোৱাৰ প্ৰতিবাদ চলাই থকা ছাত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

আজি যোৰহাট আৱৰ্ত ভৱনত অধ্যক্ষজনে অসম মহিলা বিশ্ববিদ্যালয়ৰ ১২ গৰাকী ছাত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৮জন প্ৰতিনিধিৰ সৈতে এই বৈঠকৰ আয়োজন কৰিছিল। বৈঠকত অধ্যক্ষজনে অসম মহিলা বিশ্ববিদ্যালয়খনক এখন পূৰ্ণ পৰ্য্যায়ৰ বিশ্ববিদ্যালয় হিচাপে মৰ্য্যাদা অটুট ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।
“মই ইতিপূৰ্বেই অসম বিধানসভাৰ মজিয়াত কৈছো যে মহিলা বিশ্ববিদ্যালয়খন সুৰক্ষিত ৰখা হ’ব, আৰু মই মোৰ কথা নেপেলাওঁ। কিন্তু উপাচাৰ্য্য নিযুক্তি দিয়া প্ৰক্ৰিয়াটো অলপ পলম হ’ব। মই তোমালোকক শ্ৰেণীকোঠালৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছো আৰু আমি সোনকালেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম।” এইদৰে কয় অধ্যক্ষজনে।

Apply Now

অধ্যক্ষজনে লগতে কয় যে যোগ্যতা নিৰূপক প্ৰমাণপত্ৰবোৰৰো (qualification certificates) বৈধতা থাকিব।

“আমি অধ্যক্ষজনৰ প্ৰতিশ্ৰুতিত পতিয়ন গৈছো আৰু বিহুৰ পিছৰ পৰা ক্লাছবোৰ কৰিম। আমি আশা কৰো যে মে’ মাহৰ শেষৰফালে এজন উপাচাৰ্য্য নিযুক্তি দিয়া হ’ব।” এগৰাকী ছাত্ৰীয়ে কয়।

উল্লেখযোগ্য যে একমাত্ৰ মহিলাৰ বাবে থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্য্যাদা বাতিল কৰি এখন কাৰিকৰী প্ৰতিষ্ঠান কৰা হ’ব বুলি স্বয়ং শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৱা এমহাতকৈ অধিক দিন ধৰি শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছিল। যোৱা ১৯ মাৰ্চৰ পৰা অনশন ধৰ্মঘট পালন কৰি আহিছিল ছাত্ৰীসকলে।

মন কৰিব লগীয়া কথাটো হ’ল কংগ্ৰেছ চৰকাৰৰ দিনতো শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ শিক্ষা মন্ত্ৰীজনেই অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Women’s University Act) প্ৰণয়ন কৰি এই বিশ্ববিদ্যালয়খন নিজেই প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰিছিল। যোৰহাট নগৰৰ ৰৰৈয়াস্থিত এই বিশ্ববিদ্যালয়খনৰ পৰা ইতিপূৰ্বে দুটা বেচ্ছৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিভিন্ন ঠাইত চাকৰি কৰি আছে। তেনে অৱস্থাত হঠাৎ শিক্ষা মন্ত্ৰীজনে বিশ্ববিদ্যালয়খনৰ উপযুক্ত মৰ্য্যাদা নাই আৰু এইখনে দিয়া প্ৰমাণপত্ৰবোৰৰো বৈধতা নাই বুলি ঘোষণা কৰি ৰাজ্যৰ শৈক্ষিক পৰিৱেশটোকে অস্থিৰ কৰি তুলিছিল।

শিক্ষা মন্ত্ৰীজনৰ এই সিদ্ধান্তৰ প্ৰতিবাদ ৰাজ্যৰ চাৰিওফালে হোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰী গোট, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, এছ এফ আই আদিয়ে ধাৰাবাহিক প্ৰতিবাদ কৰিছিল। ৰাজ্যজুৰি প্ৰতিবাদৰ ৰূপ দেখি অৱশেষত চৰকাৰে নিজৰ স্থিতি সলনি কৰে। বিধানসভাৰ মজিয়াতো এই বিষয়টোক লৈ বাদ-বিবাদ হোৱা দেখা গৈছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd