অসম লোকসেৱা আয়োগৰ নতুন পৰীক্ষাকেন্দ্ৰ : এবছুৰ কৃতজ্ঞতা

ABSU_delegation

অসম লোকসেৱা আয়োগে ইয়াৰ পৰীক্ষাকেন্দ্ৰৰ তালিকাত মুচলপুৰ (বাক্সা), কাজলগাওঁ (চিৰাং), ওদালগুৰি (ওদালগুৰি) আৰু বিশ্বনাথ চাৰি আলি (বিশ্বনাথ)ক অন্তৰ্ভুক্ত কৰাত সদৌ বড়ো ছাত্ৰ সন্থাই আয়োগৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ছাত্ৰ সংগঠনটোৰ উপ-সভাপতি দ্বীপেন বড়ো আৰু শিক্ষা সম্পাদক কাস্তাম বসুমতাৰী স্বাক্ষৰিত এখন প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোৱে এই কৃতজ্ঞতাৰ কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অলপতে অসম লোকসেৱা আয়োগে কেইবাটাও নতুন পৰীক্ষাকেন্দ্ৰত অনুমোদন জনাইছিল। ওপৰত দিয়া কেইটাৰ বাহিৰে আনকেইটা নতুন কেন্দ্ৰ হ’ল চৰাইদেউ (চৰাইদেউ জিলা), হোজাই (হোজাই জিলা), মাজুলী (মাজুলী জিলা), দক্ষিণ শালমাৰা (দক্ষিণ শালমাৰা), পশ্চিম কাৰ্বি আংলং (কাৰ্বি আংলং)। এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা এই কেন্দ্ৰবোৰতো হ’ব।

মন কৰিব লগীয়া কথাটো হ’ল যোৱা ফেব্ৰুৱাৰি মাহৰ প্ৰথম ভাগতে এবছুৰ উপ-সভাপতি দ্বীপেন বড়ো আৰু শিক্ষা সচিব কাষ্টম বসুমতাৰীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে ফেব্ৰুৱাৰিৰ ২ তাৰিখে গুৱাহাটীত মাধ্যমিক শিক্ষা ব’ৰ্ড অসম (ছেবা)ৰ অধ্যক্ষক লগ কৰি দিয়া স্মাৰক পত্ৰত বি টি চিৰ অন্তৰ্গত উক্ত স্থানবোৰতো এ পি এছ চিৰ পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলৈ অনুৰোধ জনাইছিল।

এবছুৱে প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে কয় যে এই নতুন কেন্দ্ৰকেইটাই উত্তৰ পাৰৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট সহায় কৰিব।