অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে আয়োজন কৰিব ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান

প্রতিনিধিত্বমূলক ফটো

ৰাজ্যখনৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যকাৰ আৰু শিল্পীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব।

শনিবাৰে মহানগৰীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকত এই সম্পৰ্কে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ন্যাসে লগতে বৰাক উপত্যকা আৰু পাহাৰীয়া জিলা কেইখনৰ চহকী আৰু বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰদৰ্শনৰ বাবে বছৰি বিশেষ অনুষ্ঠানৰ আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰী সোণোৱালে মাছখোৱাৰ আইটিএ প্ৰাগজ্যোতি কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ন্যাসক পৰামৰ্শ দিয়ে।

তেওঁ লগতে কেন্দ্ৰটোত ৰাজ্যখনৰ সত্তৰটা জনজাতিৰ সাংস্কৃতিক, ধৰ্মীয়, ভাষিক বৈচিত্ৰ্যতা তথা পৰম্পৰাগত জীৱনৰ প্ৰদৰ্শনৰ বাবে ন্যাসক পদক্ষেপ গ্ৰহণ কৰিবলৈকো পৰামৰ্শ দিয়ে যাতে পৰ্যটকসকলে চহকী সাংস্কৃতিক বৈচিত্ৰতা পৰ্যবেক্ষণ কৰিব পাৰে।

সোণোৱালে ন্যাসক ৰাজ্যখনৰ বিভিন্ন চহৰত অত্যাধুনিক সুবিধাযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনায়।

সাংস্কৃতিক বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত এম অংগমুথু, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰ আৰু ন্যাসৰ অন্যান্য সদস্যসকল বৈঠকত উপস্থিত আছিল।