উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ ১০ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশৰ পৰম্পৰাৰ অহা বছৰৰ পৰা বিলুপ্তি ঘটোৱা হ’ব। এই কথা জানিবলৈ দিছে অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে।
অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে কয় যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত অতি শীঘ্ৰেই এক নতুন ব্যৱস্থা কৰা হ’ব। মাধ্যমিক শিক্ষা সংসদত সংস্কাৰৰ উদ্দেশ্যে অধ্যক্ষগৰাকীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।
লগতে তেওঁ কয় যে এইবাৰ ঘোষণা কৰিব লগীয়া ফলাফলত প্রথম দহটা স্থানৰ উল্লেখ থাকিব, অৰ্থাৎ এইবাৰ পূর্বৰ নিয়ম বাহাল থাকিব। কিন্তু অহা বছৰৰ পৰা এই পৰম্পৰা বাদ দিয়া হ’ব। অৱশ্যে অধ্যক্ষ গৰাকীয়ে কয় যে এই বিষয়ত অহা ২৯ মার্চত অনুষ্ঠিত হ’বলগীয়া শিক্ষা সংসদৰ কার্যনির্বাকৰ বৈঠকতহে সিদ্ধান্ত লোৱা হ’ব।
অধ্যক্ষ গৰাকীয়ে কয় যে ২৯ মাৰ্চৰ বৈঠকত তদন্ত কমিটীৰ প্রতিবেদন, আছুকে ধৰি অন্যান্য ছাত্র সংগঠনৰ বিভিন্ন পৰামর্শৰ ওপৰত আলোকপাত কৰি বহু সংস্কাৰমূলক সিদ্ধান্ত গ্রহণ কৰা হ’ব। লগতে তেওঁ কয় যে শেহতীয়াকৈ স্থানপ্রাপ্তৰ নামত ৰাজ্যখনত এক প্রতিযোগিতামূলক ব্যৱসায় চলি আহিছে। বিশেষকৈ এই ক্ষেত্ৰত ৰাজ্যৰ জুনিয়ৰ কলেজসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
তাৰোপৰি অধ্যক্ষ গৰাকীয়ে কয় যে এই ব্যৱসায়িক মনোভাৱেৰে গঢ়ি উঠা জুনিয়ৰ কলেজ সমূহে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলাকে ধৰি কোনো ধৰণৰ অনিয়ম কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল। আনকি গোৱালপাৰা ছায়েন্স একাদেমী তাৰেই এক উদাহৰণ বুলিও অধ্যক্ষ গৰাকীয়ে কয়।
সেয়ে অধ্যক্ষ গৰাকীয়ে উচ্চতম মাধ্যমিকৰ চূড়ান্ত ফলাফলৰ স্থানপ্রাপ্তৰ তালিকা প্রস্তুতৰ বিপৰীতে সবোর্চচ নম্বৰপ্রাপ্ত মেধাৱী ছাত্র-ছাত্রীক পুৰস্কৃত কৰাৰ নতুন নিয়ম প্রয়োগ কৰিব বুলি কয়।
আনহাতে গোৱালপাৰা ছায়েন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকল যাতে বিদ্যায়তনিক দিশত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি একাডেমীখনৰ প্ৰতি সংসদে সু-দৃষ্টি ৰাখিব বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।