• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ৫ আগষ্টত গুৱাহাটীত ‘অসম অনুসূচিত জাতিপ্ৰাণ’ বঁটা প্ৰদান অনুষ্ঠান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2018 7:15 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ প্ৰভাত যুৱ উন্নয়ন তথা সমাজ কল্যাণ সমিতি আৰু নৱ-প্ৰভাত ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NPIFT)ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে অহা ৫ আগষ্ট দেওবাৰে বিয়লি ২ বজাত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ‘All Assam Traditional Mega Fashion Show 2018-19 (Divine Traditional Queen of Assam 2018 Miss & Mrs)’ আৰু অসম অনুসূচিত জাতিপ্ৰাণ বঁটা প্ৰদান তথা উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

শনিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি অনুষ্ঠানটোৰ সন্দৰ্ভত কিছু কথা অৱগত কৰে অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা প্ৰবীণ বৈশ্যই।

Apply Now

তেওঁ কয় ‘বিগত ৩ বছৰ নিজস্ব এক সুকীয়া উপস্থাপনেৰে নৱ-প্ৰজন্মৰ বহুতো প্ৰতিভা NPIFTৰ মঞ্চৰ পৰা সংস্থাপিত কৰি আহিছে আৰু এইবেলি সেই উদ্দেশ্য আগত ৰাখিয়েই সৌন্দৰ্য্য আৰু প্ৰতিভা দুয়োটাৰ সমাহাৰেৰে ‘ALL Assam Traditional Mega Fashion Show 2018-19 (Divine Traditional Queen of Assam 2018 Miss & Mrs)’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।‘

তদুপৰি এই অনুষ্ঠানটি Divine Traditional Queen of Assam 2018 Miss আৰু Divine Traditional Queen of Assam 2018 Mrs এই দুটা ভাগত ভাগ কৰা হৈছে আৰু Introductory Round, Talent Round  আৰু Final (Designer) এই তিনিটা ৰাউণ্ডত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উক্ত সংবাদমেলত উদ্যোক্তা প্ৰবীণ বৈশ্যই জনায়।

আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখিয়েই NPIFT আৰু নৱপ্ৰভাত যুৱ উন্নয়ন তথা সমাজ কল্যাণ সমিতিয়ে বিগত ১০ বছৰে প্ৰদান কৰি অহা অসম অনুসূচিত জাতিপ্ৰাণ বঁটা ২০১৮ এই বৰ্ষতো সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা লোকলৈ আগবঢ়াব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

তেওঁ কয় ‘এই বৰ্ষত ‘অসম অনুসূচিত জাতিপ্ৰাণ বঁটা ২০১৮ আগবঢ়োৱা হ’ব বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতীক। লগতে অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ২০১৮ প্ৰদান কৰা হ’ব জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া তথা যুৱ সাহিত্যিক ‘আমাৰ অসম’ কাকতৰ সহঃ সম্পাদক যুগল লোচন দাস আৰু ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংস্কৃতিক সংবাদদাতা দ্বিজেন দাসক।’

উল্লেখ্য যে ২০১০ চনৰ পৰা প্ৰদান কৰা অনুসূচিত জাতিপ্ৰাণ বঁটাৰ প্ৰথম বঁটাপ্ৰাপক আছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকা। ২০১৫ চনত এই বঁটাটি মৰণোত্তৰভাৱে অভিনেতা প্ৰয়াত ইন্দ্ৰ বণিয়াক প্ৰদান কৰা হৈছিল বুলি প্ৰবীণ বৈশ্যই সংবাদমেলত জানিবলৈ দিয়ে।

আনহাতে ২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে ‘এন্ধাৰৰ পৰা পোহৰলৈ’ নামকৰণেৰে এক ব্যতিক্ৰমী সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক সভাপতি/সম্পাদক, নৱ প্ৰভাত স্বেচ্ছাসেৱী সংগঠন, মাৰফৎ পোষ্ট মাষ্টৰ, বামুণীমৈদাম পোষ্ট অফিচ, গুৱাহাটী-২১ত নথি-পত্ৰসমূহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সবিশেষ জানিবলৈ ফোন নং ৮৮২২৬৪৮০৮৮, ৭০০২০৯৭৫০৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে মুখ্য উদ্যোক্তা প্ৰবীণ বৈশ্যই উক্ত সংবাদমেলৰ জৰিয়তে অনুৰোধ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd