অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৰ কাষৰ চাংলাং জিলাৰ মটংছাত আছাম ৰাইফলছৰ জয়ৰামপুৰ বেটেলিয়নে ভাৰতীয় সেনাৰ লগত যুটীয়াভাৱে অভিযান চলাই আজি ৪ জুলাইৰ আবেলি এন এছ চি এন (আই এম)ৰ তিনিটা পৰিত্যক্ত শিবিৰ উৎখাত কৰিছে।
সেনা অভিযানৰ আগতীয়া খবৰ লাভ কৰি উগ্ৰপন্থীৰ দলটো শিবিৰটোৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও সেনাই নাগা বিদ্ৰোহী সংগঠনটোৰ শিবিৰটো উৎখাত কৰাৰ লগতে শিবিৰকেইটাৰ পৰা সাজ-পোছাক, খাদ্য সামগ্ৰীকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰে।
উগ্ৰপন্থীৰ সন্ধানত সেনা আৰু আছাম ৰাইফলছে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
এন এছ চি এন (আই এম)ৰ দলে শিবিৰ পাতি থকাৰ খবৰ লাভ কৰি আজি ১৩নং অসম ৰাইফলছে মটংছাত এই অভিযানটো চলাইছিল।