চীনৰ সীমান্ত অঞ্চলত, ভাৰতৰ অৰুণাচল প্ৰদেশৰ দাঁতিতে থকা লুঞ্জে নামৰ জিলাখনত সোণৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কৃত হোৱাৰ কথা পোহৰলৈ আহিছে। এই অঞ্চলটোত কেৱল সোণেই নহয়, ৰূপকে ধৰি আৰু বহুকেইবিধ মূল্যৱান ধাতুৰ খনি আৱিষ্কৃত হৈছে আৰু সেইবোৰ চীনে দ্ৰুত হাৰত আহৰণ কৰি আছে।
কিন্তু শেহতীয়াকৈ অঞ্চলটোত সোণৰ বৃহৎ ভাণ্ডাৰ থকাটোত নিশ্চিত হৈছে দেশখন। অঞ্চলটোলৈ এতিয়া সোণৰ খনিত কাম কৰা মানুহৰ সোঁত ববলৈ লৈছে। শেহতীয়াকৈ ইয়ালৈ ইমান মানুহৰ সোঁত বৈছে যে চীনৰ চৰকাৰী তথ্যকেন্দ্ৰতে তাৰ স্পষ্ট হিচাপ নাই।
এই খনিৰ পৰা সোণ আহৰণ কৰিবলৈ ইতিমধ্যে চীনা চৰকাৰে খৰচী প্ৰকল্প হাতত লৈছে। এই খবৰ হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মৰ্নিং পোষ্টৰ। কাকতখনৰ মতে, এই ভাণ্ডাৰৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬০ বিলিয়ন ডলাৰ।
উল্লেখযোগ্য যে কাকতখনত এই বৃহৎ স্বৰ্ণ ভাণ্ডাৰৰ উপস্থিতি আৰু আৱিষ্কাৰে সীমান্ত অঞ্চলটোত চীন-ভাৰতৰ আধিপত্য প্ৰকাশৰ শীতল প্ৰয়াসক নতুন মাত্ৰা দিব পাৰে বুলি শংকা প্ৰকাশ কৰা হৈছে। আন এটা মন কৰিব লগীয়া কথা যে চীনৰ চৰকাৰী ৰাজহৰ সিংহভাগ আহে খনি উদ্যোগৰ পৰা। চৰকাৰে ইতিমধ্যে অঞ্চলটোলৈ সাগৰ পৃষ্ঠৰ বহু উচ্চতাত থকা এই অঞ্চলটোলৈ সুচল পৰবহণ ব্যৱস্থা গঢ়ি তুলিছে।
মন কৰিব লগীয়া যে অৰুণাচল প্ৰদেশ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰৰ স্বত্বক লৈ দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে। আনকি যোৱা বছৰ তিব্বত সীমান্তৰ ডোকলামত চীনা সৈন্যৰ আগ্ৰাসনে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ কৰি তুলিছিল।
কূটনৈতিক বিশ্লেষকসকলে শংকা প্ৰকাশ কৰামতে স্বৰ্ণ ভাণ্ডাৰৰ আৱিষ্কাৰে চীনক অধিক আগ্ৰাসী কৰি তুলিব পাৰে আৰু অঞ্চলটো ‘দক্ষিণ চীন সাগৰ’ৰ দৰে পৰিস্থিতি হ’ব পাৰে।