NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত এম টি ভি ৰোডিজ এক্সট্ৰিমৰ শ্বুটিং আৰম্ভ

March 28, 2018 6:37 pm · এন ই নাও নিউজ

মেঘালয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শ্বুটিং সামৰাৰ অন্তত দুঃসাহসিক ৰিয়েলিটি শ্ব এম টি ভি ৰোডিজ এক্সট্ৰিমে এতিয়া অৰুণাচল প্ৰদেশত শ্বুটিং আৰম্ভ কৰিছে। প্ৰাৰ্থী বাচনি কৰিবৰ বাবে সদলবলে অৰুণাচলৰ ভালুকপোং আৰু ইটানগৰৰ বিভিন্ন অঞ্চলত গৈ ৰোডিজ এক্সট্ৰিমৰ দলটোৱে আজি কিছু দিনৰ পৰা শ্বুটিঙৰ কাম কৰি আছে।

প্ৰাৰ্থী বাচনি কৰিবলৈ অহা এই দলটোত গেং লীডাৰ অভিনেত্ৰী নেহা ধুপীয়াৰ সৈতে আছে নিখিল চিনাপা, ৰাফটাৰ আৰু প্ৰিন্স নৰুলা।

উল্লেখ্য যে  চৰম ভৌগোলিক পৰিৱেশৰ উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ প্ৰতিযোগীসকলৰ দৈহিক-মানসিক সহনশীলতাৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যে প্ৰথমে শ্বিলঙত আহি উপস্থিত হোৱা দলটোৱে তাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শ্বুটিং কৰে।

প্ৰাপ্ত তথ্য মতে বৰ্তমান ভালুকপোং আৰু ইটানগৰত শ্বুটিং চলাই থকা দলটোৱে ইয়াৰ পিছতে জিৰোলৈ ৰাওনা হ’ব।

২০০৩ চনৰ পৰা প্ৰচাৰিত হৈ অহা তথা যুৱ সমাজৰ ওপৰত আধাৰিত জনপ্ৰিয় শ্ব’ এমটিভি ৰোডিজৰ অংশগ্ৰহণকাৰীসকলক ভিন্ন ভিন্ন পৰিৱেশত মানসিক আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানমূলক কেতবোৰ কাৰ্য সম্পাদন কৰিবলৈ দিয়া হয়।

 

Related News