অৰুণাচল প্ৰদেশৰ পূবৰ মিচিমি পাহাৰত দুবিধ নতুন প্ৰজাতিৰ আদা আৱিস্কাৰ হৈছে। কালিকট বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ড০ মামিয়িল ছাবু আৰু ভি এছ হৰিশে এই দুবিধ আদা আৱিস্কাৰ কৰিছে।
অনজ’ জিলাত আৱিস্কাৰ হোৱা আদা প্ৰজাতিটোক মিচিমি সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই ‘’আমোমাম নিমকেয়েনছ’’(জিঞ্জিবেৰাচিয়ে) নাম ৰখা হৈছে। নিমকে লোহিত আৰু অনজ’ জিলাৰ টাৰাওন আৰু কামান মিচিমিসকলৰ বাবে এক পূজনীয় আধ্যাত্মিক স্থান।
দ্বিতীয়টো প্ৰজাতি ‘’আমোমাম ৰিওৱাটচি’’(জিঞ্জিবেৰাচিয়ে)টো দিবং ভেলী জিলাত আৱিস্কাৰ কৰা হৈছে আৰু ৰইঙৰ বিশ্বৰ প্ৰাচীন পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যৰ গৱেষণা প্ৰতিষ্ঠান (ৰিওৱাটচ)ৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰতি ইয়াৰ বৰঙণিৰ বাবে সেই নামেৰে নামকৰণ কৰা হৈছে।
নতুন প্ৰজাতিৰ এই আৱিস্কাৰৰ কথা ইন্টাৰনেশ্যনেল জাৰ্ণাল ব’টানি লেটাৰছৰ এটি প্ৰৱন্ধত প্ৰকাশ পাইছিল।
‘’ড০ ছাবু আৰু হৰিশৰ ব্যাপক জৰীপ আৰু গক্ষীৰ গৱেষণাৰ ফল এয়া,’’-প্ৰৱন্ধটোত কোৱা হৈছে।
ড০ ছাবু আৰু হৰিশ যোৱা বছৰ জুন মাহত এক গৱেষণা কাৰ্যসূচীৰ বাবে অৰুণাচললৈ আহিছিল।
ৰিওৱাটচৰ কাৰ্যবাহী সঞ্চালক বিজয় স্বামীয়ে কয় যে এই আৱিস্কাৰে উদ্ভিদ বিজ্ঞানীসকলক অৰুণাচল প্ৰদেশৰ চহকী উদ্ভিদ বৈচিত্ৰৰ সমল চিনাক্ত তথা লিপিবদ্ধ কৰাৰ বাবে গৱেষণাৰ প্ৰতি নিশ্চিতভাৱে আগ্ৰহ বৃদ্ধি কৰিব।
স্বামীয়ে লগতে উনুকিয়াই দিয়ে যে অৰুণাচল প্ৰদেশৰ বন বিভাগত কেইবা দশক ধৰি সেৱা আগবঢ়াই অহা বিশিষ্ট বিজ্ঞানী ড০ হৰিদছনক কৃতিত্ব দিবই লাগিব কিয়নো তেওঁৱেই বহুতো উৎসৰ্গিত গৱেষকক অৰুণাচল প্ৰদেশত পথ নিৰ্দেশনা দি আহিছে।