অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৰ ৫৩ খন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব

সীমান্তৰ গাওঁৰ উন্নয়নৰ বাবে আদৰ্শ গাঁও স্থাপনৰ পৰিকল্পনা অৰুণাচল প্ৰদেশ চৰকাৰৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৃহস্পতিবাৰে কয় যে ৰাজ্যখনৰ ৪৫ টা সীমান্ত খণ্ডৰ পৰা কমেও একোখন গাওঁ সামৰি ৫৩ খন গাঁৱক সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া লিকাবালিত অৱস্থিত ৫৬ নং ইনফেন্ট্ৰি ডিভিজনৰ জিঅ’চি মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু ব্ৰিগেডিয়াৰ এ কে বৰাই ইটানগৰত মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মত বিনিময় কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

তহলদাৰী সেনাৰ পথৰ দাঁতিত খোজকাঢ়ি পাৰ হোৱা দলং আৰু পজাঘৰ নিৰ্মাম কৰা হ’ব। ‘’ সেনাই প্ৰাথমিকতাৰ ভিত্তিত পৰৱৰ্তী বিত্তীয় বৰ্ষত সীমান্ত অঞ্চল উন্নয়ন প্ৰকল্পৰ অধীনত এই কাম কৰিব,’’-মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

‘’ এই গাঁৱসমূহৰ উন্নয়ন উপায়ুক্তই যুগুত কৰা পৰিকল্পনা অনুসৰি সংশ্লিষ্ট অঞ্চলত নিযুক্ত কমাণ্ডিং অ’ফিচাৰগৰাকীৰ সৈতে আলোচনা কৰি ৰূপায়ন কৰা হ’ব,’’-খাণ্ডুৱে কয়।

বাৰ্তালাপৰ সময়ত মেজৰ জেনেৰেল কলিতাই মুখ্যমন্ত্ৰীক লিকাবালিত অহা ২ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে হ’বলগীয়া সেনা নিযুক্তি সমাৱেশৰ বিষয়ে আৰু লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত আগ্ৰহী প্ৰাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে।

জিঅ’চি গৰাকীয়ে স্থানীয় যুৱকসকলৰ সুবিধাৰ্থে দুই তিনি বছৰৰ মূৰত কমেও এবাৰ এনেধৰণৰ সমাৱেশ ৰাজ্যখনত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগিতা বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।