অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সচিবালয় ভৱনত আজি ৩০ মাৰ্চত মুখ্য মন্ত্ৰী পেমা খান্দুৱে মুকলি কৰিলে এক নতুন কেবিনেট হল। অনুষ্ঠানটোত উপ মুখ্য মন্ত্ৰী চুনা মেইন আৰু আন কেবিনেট মন্ত্ৰীসকলো অনুষ্ঠানটোত উপস্থিত আছিল।
সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় এই নতুন প্ৰেক্ষাগৃহটো মুকলি কৰা, পোহৰ, অ’ডিঅ’ আৰু প্ৰজেক্তৰ নিয়ন্ত্ৰণ আদি আই পেডৰ যোগেদি নিয়ন্ত্ৰণ কৰিব পৰা যায়।
প্ৰেক্ষাগৃহটোৰ প্ৰতিখন আসনতে থাকিব কীপেডযুক্ত আই পেড আৰু মাইক।
কথা-বাৰ্তা পতাত সুচলতাৰ বাবে প্ৰেক্ষাগৃহটোৰ আসনসমূহ ঘূৰণীয়াকৈ সজোৱা হৈছে।