অৰুণাচল বিধানসভাত গৃহীত হ’ল ভূমি নিষ্পত্তি আৰু নথি সংশোধনী বিধেয়ক ২০১৮

arunachal legislative assembly

অৰুণাচল বিধানসভাত গৃহীত হ’ল ভূমি নিষ্পত্তি আৰু নথি সংশোধনী বিধেয়ক ২০১৮। এই বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে ৰাজ্যখনৰ ভূমি অধিকাৰ প্ৰমাণপত্ৰ (এল পি চি) থকা সম্প্ৰদায় আৰু খেলসমূহ সহ স্থানীয় জনজাতীয় বাসিন্দাই মালিকীস্বত্ব লাভ কৰিব।

ৰাজ্যিক বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ প্ৰথম দিনা এই বিধেয়কখন উত্থাপন কৰিছিল ভূমি ব্যৱস্থাপনা মন্ত্ৰী নাবাম ৰেবিয়াই। সোমবাৰে বিধানসভাত এই বিধেয়কখন  মৌখিক ভোটত গৃহীত হয়।

উল্লেখযোগ্য যে আজিকোপতি স্বাধীনতাৰ ৭০ বছৰ পিছতো অৰুণাচলৰ ভূমি প্ৰচলিত নিয়মৰ মাজেৰে দখল কৰি অহা হৈছিল আৰু জনসাধাৰণক ইয়াৰ কোনো নথি প্ৰদান কৰা হোৱা নাছিল। গৰাকিত্বৰ নথি অবিহনে এই ভূমি বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানক বন্ধকত দি ঋণ লোৱাৰ কোনো উপায় নাছিল। তাৰোপৰি কৃষকসকলে দীৰ্ঘম্যাদী ভিত্তিত ভূমি লীজত দিব পৰা নাছিল আৰু ভূমিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত বিপত্তিৰ মুখামুখি হ’বলগীয়া হৈছিল।

এই বিষয়টো অধ্যয়ন কৰি মুখ্য মন্ত্ৰী পেমা খান্দুৱে স্থানীয় লোকৰ স্বাৰ্থত ভূমি মন্ত্ৰীৰ সভাপতিত্বত চাৰিজন কেবিনেট মন্ত্ৰী আৰু বিষয়াৰে গঠিত এখন উচ্চ-স্তৰীয় কমিটী গঠন কৰি ভূমি সন্দৰ্ভত কমিটীখনৰ পৰামৰ্শ বিচাৰে। ইটানগৰত অনুষ্ঠিত এখন ৰাজ্যিক পৰ্যায়ৰ বৈঠকত স্থানীয় আৰু আন ৰাজ্যৰ পৰা নিমন্ত্ৰিত ভূমি আৰু ভূমি আইনৰ বিশেষজ্ঞসকলক নিমন্ত্ৰণ কৰি আনি বিভিন্ন প্ৰতিনিধি গোটৰ সৈতে আলোচনা কৰা হয়। সংশ্লিষ্ট ব্যক্তিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি তাৰ ভিত্তিত বিধেয়কখন প্ৰস্তুত কৰি সদনত উত্থাপন কৰাৰ পিছত গৃহীত কৰা হয়।

এই আইনখনে নাগৰিকসকলৰ, বিশেষকৈ স্থানীয় লোকৰ মালিকীস্বত্বক স্বীকৃতি প্ৰদান কৰিব। এই আইনখনে ভমিৰ গৰাকীক নিজৰ মাটি  ৩৩ বছৰ পৰ্যন্ত আৰু তাৰ পিছত আৰু ৩৩ বছৰৰ বাবে, মুঠ ৬৬ বছৰৰ বাবে দীৰ্ঘম্যাদী লীজত দিয়াৰ অধিকাৰ প্ৰদান কৰিব। এই আইন প্ৰণয়ন হোৱাৰ ফলত বাহিৰৰ পৰা বিপুল পৰিমাণৰ বিনিয়োগকাৰী ৰাজ্যখনলৈ আহি ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰাৰ বাট মুকলি হ’ল।

ইয়াৰ ফলত বেংকৰ পৰা ঋণ লোৱাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া এটা আৰম্ভ হ’ল।  এই আইনৰ জৰিয়তে বন্ধকীৰ ওপৰত আৰোপিত কৰ ৩ শতাংশৰ পৰা ১ শতাংশলৈকে হ্ৰাস কৰা হৈছে যাৰ বাবে থলুৱা লোকসকল উপকৃত হ’ব।

বেংকৰ পৰা ঋণ গ্ৰহণৰ আইনগত সুযোগ লাভ কৰাৰ ফলত স্থানীয় লোকসকল অধিক সুতত টকা ধাৰলৈ দিয়া সকলৰ পৰা ৰক্ষা পৰিব। অৰুণাচল বিধানসভাত ইতিমধ্যে অৰুণাচল প্ৰদেশ ধন ঋণ বিধেয়ক : ২০১৮ নামৰ বিধেয়ক এখন উত্থাপন কৰা হৈছে আৰু চলিত বিধানসভা অধিৱেশনতেই ইয়াক গৃহীত কৰা হ’ব।