অৰূপ কুমাৰ দত্তলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি লিট উপাধি

Arup-Kr-Dutta

প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তক সাহিত্যক্ষেত্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়াইছে সন্মানীয় ডি লিট উপাধি।

Unicornis, Cha-Garam: The Tea Story, The Brahmaputra, The Roving Minstrel, Kaziranga Trails and the latest venture The Ahoms আদি ৩০ খনতকৈও অধিক গ্ৰন্থ দত্তই ৰচনা কৰিছে।

দত্তক এই বছৰ পদ্মশ্ৰী সন্মানো আগবঢ়োৱা হৈছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্য্যনিৰ্বাহক পৰিষদৰ বৈঠকত যোৱা ২৭ অক্টোবৰত তেওঁক এই সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰখ্যাত বিজ্ঞানী তথা বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সেজৰ প্ৰাক্তন সঞ্চালক অধ্যাপক পি বলৰাম সন্মান প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।