অৱশেষত আত্মসমৰ্পণ হত্যাকাৰী মাধুৰ্য্য গোস্বামীৰ

প্ৰতিনিধিত্বমূলক ছবি

অৱশেষত আত্মসমৰ্পণ হত্যাকাৰী মাধুৰ্য্য গোস্বামীৰ

 

হত্যাকাণ্ড সংঘটিত কৰি প্ৰায় দুদিন পলাই ফুৰাৰ পিছত কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাধুৰ্য্য গোস্বামী নামৰ যুৱকজনে। ডিগবৈ আৰক্ষী থানাৰ ওচৰত কালি আবেলি সময়ত নিজে হাজিৰ হয় মাধুৰ্য্য। ডিগবৈ আৰক্ষী থানাৰ অধীনৰ ইটাভাতা অঞ্চলৰ কাৰ্তিক গোস্বামীৰ পুত্ৰ ড্ৰাগছ তথা মদাসক্ত মাধুৰ্য্য গোস্বামীয়ে যোৱা দেওবাৰে এক সামান্য তৰ্কাতৰ্কিৰ পিছতে হত্যা কৰিছিল অঞ্চলটোৰে আন এজন ব্যক্তি মাংস বিক্ৰী কৰি জীৱিকা উলিওৱা বিপুল শইকীয়াক। ঘটনাৰ দিনা মাধুৰ্য্যই তেওঁৰ এজন বন্ধু পাৰ্থজিৎ বৰুৱাৰ সৈতে মদ খাই বিপুল শইকীয়াৰ ডিগবৈ-দুলীয়াজান পথত থকা হোটেলখনত প্ৰৱেশ কৰে আৰু কিবা কথাত বিপুলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। দুয়োপক্ষই কিছু হতাহতি লগাৰ পিছত মাধুৰ্য্য আৰু পাৰ্থ ঘৰলৈ গুচি যায় যদিও মাধুৰ্য্যই পিছত ঘৰৰ লোকৰ বাধা নামানি আকৌ আহে বিপুল শইকীয়াৰ ওচৰলৈ আৰু মাংস কটা দাখনেৰে ঘপিয়াই হত্যা কৰে বিপুলক। তাৰ পিছতে মৃতদেহটো বালিৰে পুতি ৰাখে যদিও পিছদিনা দিনৰ পোহৰত মানুহে দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পাৰ্থজিতক গ্ৰেপ্তাৰ কৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে। মাধুৰ্য্যক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধ কৰিবলৈ ওলাইছিল যদিও আৰক্ষীয়ে সোনকালেই হত্যাকাৰীক ধৰাৰ প্ৰতিশ্ৰুতি দিয়াত সেয়া বাতিল কৰে। অৱশেষত কালি মাধুৰ্য্য গোস্বামী নিজে আহি ঘৰত উপস্থিত হয় আৰু তাৰ পিছত  দেউতাক কাৰ্তিক গোস্বামীয়ে জনোৱা মতে তেওঁৰ পুতেকে কালি পিছ দুৱাৰেদি ঘৰত প্ৰৱেশ কৰে আৰু নিজৰ ভুলৰ বাবে অনুতাপ প্ৰকাশ কৰে আৰু আত্মসমৰ্পণ কৰিবলৈ সন্মত হয়। লগে লগে দেউতাকৰ সহযোগত আৰক্ষীয়ে তেওঁক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যায়, ফলত ক্ষুভিত হৈ থকা স্থানীয় লোকৰ ৰোষৰ পৰা সাৰে। জানিব পৰামতে স্থানীয় লোকে হত্যাৰ পোটক ল’বৰ বাবে মাধুৰ্য্যক বিচাৰি ফুৰিছিল। মাধুৰ্য্যই আৰক্ষী থানাত সাংবাদিকৰ আগত কোৱা মতে তেওঁ এইকেইদনি তিপাম চাহ বাগিচাত লুকাই আছিল। আৰক্ষীয়ে  264/17 নং এটা গোচৰৰ অধীনত মাধুৰ্য্যক যাৱতীয় প্ৰক্ৰিয়াৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।