• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলৰ এখনো খেল নহয় নৱনিৰ্মিত ২৬০ কোটি টকীয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 6:30 pm
IPL-Logo
117
VIEWS
Share on FacebookShare on Twitter

ভিভ’ কোম্পানিয়ে বাণিজ্যিক পৃষ্ঠপোষকতা আগ বঢ়োৱা একাদশ সংস্কৰণৰ আই পি এল, ২০১৮ৰ এখনো খেল গুৱাহাটী অনুষ্ঠিত নহয়।

বি চি চি আইৰ দ্বাৰা ঘোষিত ইয়াৰ খেলবোৰৰ সূচীৰ পৰা এই কথা গম পোৱা গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ ক্ৰিকেট প্ৰেমীয়ে এইবাৰ অন্ততঃ এখন হ’লেও খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ আশা কৰি আছিল যদিও সেয়া মূৰকত দেখা নগ’ল।

আনহাতে ইয়াৰ পূৰ্বে ২৬০ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ বৰ্ষাপাৰাত নতুনকৈ নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰিবলৈ অহা বি চি চি আইৰ সচিব অমিতাভ চৌধুৰীয়ে যোৱা বছৰৰ এপ্ৰিলত সাংবাদিকৰ আগত কৈছিল যে ষ্টেডিয়ামখন অত্যাধুনিক আৰু ইয়াত সকলো পৰ্য্যায়ৰ খেল অনুষ্ঠিত কৰিব পৰা হৈছে। চৌধুৰীৰ সৈতে অহা ক্ৰিকেট সংস্থাটোৰ মহা প্ৰবন্ধক এম ভি শ্ৰীধৰেও ষ্টেডিয়ামখনৰ আন্তঃগাথনিৰ মান সন্দৰ্ভত সন্তুষ্টি ব্যক্তি কৰিছিল।

তাৰ পিছতো কিয় গুৱাহাটীক আই পি এলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ দিয়া নহ’ল সেই সম্পৰ্কত কোনো পক্ষই স্পষ্টীকৰণ দিয়া নাই। কিছুমান অনিৰ্ভৰযোগ্য সূত্ৰই নিৰাপত্তাজনিত কাৰণতে গুৱাহাটীক অন্তুৰ্ভুক্ত কৰা নহ’ল বুলি দাবী কৰিছে যদিও এনে মত অসম ক্ৰিকেট বা ভাৰতীয় ক্ৰিকেট সংস্থাৰ পৰা অহা নাই।

মন কৰিব লগীয়া যে অসম ক্ৰিকেট সংস্থাৰ উপ সভাপতি দেৱজিত শইকীয়াৰ এটা সূত্ৰই জনাইছে যে এইটো অসম ক্ৰিকেট সংস্থাৰ কথা নহয়, বি চি চি আই তথা আয়োজকৰ সিদ্ধান্ত। তেওঁ জনোৱা মতে ৰাজস্থান ৰয়েল দলৰ পৰা গুৱাহাটীত খেলাৰ আগ্ৰহ দেখা গৈছিল আৰু তেওঁলোকৰ ফালৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ এটা পৰিদৰ্শনো কৰা হৈছিল। তেওঁ কোৱা মতে কিছুমান আইন-শৃংখলাজনিত কাৰণত এইটো কৰিব পৰা নগ’ল।

উল্লেখযোগ্য যে চুটি সংস্কৰণৰ ক্ৰিকেট খেলবিধ ভাৰতৰ নৱ প্ৰজন্মৰ মাজত অতিকৈ প্ৰিয়। লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হ’ল বিশ্বৰে ভিতৰতে জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা। গুৱাহাটীতো খেলবিধৰ অসংখ্য অনুৰাগী আছে। কিন্তু যোৱা দহটা সংস্কৰণৰ এখনো খেল গুৱাহাটীত অনুষ্ঠিত হোৱা নাছিল। এইবাৰ বৰ্ষাপাৰাৰ বিশ্বমানৰ ষ্টেডিয়ামখন হোৱাৰ পিছত গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে আশা কৰি আছিল নিজৰ ঠাইত স্বচক্ষে আই পি এলৰ খেল চোৱাৰ। কিন্তু সেয়া হৈ নুঠিল।

ইয়াক লৈ ছ’চিয়েল মিডিয়াত অসমৰ ক্ৰিকেটপ্ৰেমীয়ে নিজৰ হতাশা প্ৰকাশ কৰাও দেখা গৈছে। বহুতে বি চি চি আই আৰু অসম ক্ৰিকেট সংস্থাক সমালোচনা কৰিছে।

ঘোষিত সূচীমতে ৭ এপ্ৰিলত মুম্বাইত উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ এই ১১শ সংস্কৰণৰ খেলবোৰ মুঠ ৯ টা স্থানত অনুষ্ঠিত কৰা হ’ব। মুঠ ৫১ দিন ধৰি চলিব এই প্ৰতিযোগিতাখন। আনহাতে চূড়ান্ত খেলখনো অনুষ্ঠিত হ’ব মুম্বাইৰ একেটা স্থানতে, অহা ২৭ মেত।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd