• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগজাননী নিদিয়াকৈ হঠাৎ ক্ৰীড়া বিভাগৰ পৰীক্ষা বাতিল : সৰুসজাইত প্ৰাৰ্থীৰ ক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 7:49 am
Sports-and-Youth-Welfare-Department-Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ পৰীক্ষা বাতিলৰ বিষয়ে আগতীয়াকৈ নজনাই হঠাতে পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰাত পৰীক্ষা দিবলৈ আহি উপস্থিত হোৱা প্ৰাৰ্থীসকলে প্ৰতিবাদেৰে উত্তাল কৰি তুলিলে সৰুসজাই ষ্টেডিয়াম চৌহদত থকা পৰীক্ষা কেন্দ্ৰ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা খেলিমেলিৰ পাছতে শনিবাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কেইবাটাও পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা আচম্বিতে বাতিল কৰা হয়।

Apply Now

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত মুঠতে ১৭টা কনিষ্ঠ সহায়ক পদৰ বাবে শনিবাৰে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। পৰীক্ষাৰ বাবে কেন্দ্ৰ আছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত থকা কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম।

পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসকলে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হয় আৰু শনিবাৰে পুৱা পৰীক্ষা দিবলৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয় যদিও পৰীক্ষাকেন্দ্ৰলৈ গৈ প্ৰাৰ্থীসকল হতভম্ব হৈ পৰে। কিয়নো কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অনিবাৰ্য কাৰণবশতঃ বিভাগটোৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে বুলি এখন জাননী আঁৰি থোৱা আছিল।

স্বাভাৱিকতে পৰীক্ষা বাতিলৰ এই খবৰ পাই পৰীক্ষা দিবলৈ উপস্থিত হোৱা প্ৰাৰ্থীসকল ক্ষোভত ফাটি পৰে। বিভিন্ন স্থানৰ পৰা পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষোভৰ মূল কাৰণ হ’ল যদি পৰীক্ষা বাতিল কৰা হৈছে তেন্তে আগতীয়াকৈ কিয় খবৰ দিয়া নহ’ল। প্ৰাৰ্থীসকলক ইমান হাৰাশাস্তি দিয়াৰ বিষয়টোক লৈ উত্তেজিত হৈ পৰা প্ৰাৰ্থীসকলে চৰকাৰবিৰোধী শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰাৰ্থীসকলৰ এই ক্ষোভৰ উমান ল’বলৈ তাত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী উপস্থিত নাছিল। জিলা পৰ্যায়ৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা আচম্বিতে বাতিল কৰাৰ বিষয়টোক লৈ স্বাভাৱিকতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি আবেদনকাৰীসকললৈ এডমিট কাৰ্ডো প্ৰেৰণ কৰা হৈছিল। আবেদনকাৰীসকলে বিভাগটোৱে কি কাৰণত কোনো আগজাননী নিদিয়াকৈ শেষ মুহূৰ্তত পৰীক্ষা বাতিল কৰিলে তাক লৈ ক্ষোভ ব্যক্ত কৰে।

আনহাতে, শনিবাৰে বাতিল হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব নে নহয় অথবা কেতিয়াকৈ পৰীক্ষা অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত তোনো তথ্য ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে অৱগত কৰোৱা নাই। বিভাগটোৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm
মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

July 14, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd